নগাঁওঃ 'সময়ৰ অস্থিৰ বাতাবৰণত সাতবিহুৰ সৌন্দৰ্য হেৰাই গৈছে। সাত বিহুৰ যি পূৰ্বৰ ৰীতি-নীতি সেই ৰীতি-নীতিত ক্ৰমাৎ ঘূণে ধৰাৰ উপক্ৰম ঘটিছে। আনকি নৱ প্ৰজন্মৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে সাতবিহুৰ ৰীতি-নীতি। কিয়নো অসমীয়া সমাজত এতিয়া বিচ্ছিন্নতাবাদী শক্তিৰ উপদ্ৰৱ চলিছে।' এই মন্তব্য সাংবাদিক তথা কবি জ্যোতি প্ৰসাদ বৰাৰ। 

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী বৰভেঁটিত সোমবাৰে উদযাপিত ৰঙালী বিহু উৎসৱৰ অন্যতম ব্যতিক্ৰমী কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হোৱা 'বাপতি সাহোন ৰঙালীৰ সৌষ্ঠৱ সাতবিহু' শীৰ্ষক আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ'ছিয়েশ্বনৰ সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ বৰাই। 

গভীৰ বিষয়ৰ ওপৰত হোৱা আলোচনা চক্ৰত তাত্ত্বিক ব্যাখ্যা আগবঢ়াই প্ৰসংগক্ৰমে বৰাই অসমীয়া কলা-সংস্কৃতিক নিটোল ঠাঁচত ৰাখিবলৈ অন্য এক বিপ্লৱৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও অভিমত ব্যক্ত কৰে। বৰভেঁটিৰ বিহু মঞ্চত উদযাপন সমিতিৰ সভাপতি হৰিধৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাইও অংশগ্ৰহণ কৰি বিহু উৎসৱ আৰু সমন্বয়ৰ সম্পৰ্কে তত্ত্বগধূৰ বক্তব্য প্ৰদান কৰে। 

জ্যেষ্ঠ সাংবাদিক হাজৰিকাই তেখেতৰ চমু ভাষণত প্ৰসংগক্ৰমে বিহুৰ পৰম্পৰাগত নিয়মৰ জৰিয়তে আমাৰ জাতীয় জীৱনৰ সৰলতা আৰু মাধুৰ্যতা সাৱলীল ৰূপত প্ৰকাশ পাই বুলি মন্তব্য প্ৰকাশ কৰে। বৰভেটিৰ নৱৰূপা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিহু উৎসৱৰ মনোজ্ঞ আলোচনা চক্ৰখনিত অভিনেতা নয়ন নিৰ্বাণ বৰুৱা আৰু 'লকৈ’ খ্যাত কৌতুক অভিনেতা দিব্যজ্যোতি শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

ইফালে, এই আলোচনা চক্ৰৰ পিছতেই নিশাৰ ভাগত অনুষ্ঠিত হোৱা বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতাৰে উক্ত ৰঙালী বিহু উৎসৱৰ দিনযোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়। বিহু কুঁৱৰী প্ৰতিযোগিতাত নগাঁৱৰ দিচাং বিহুৱা দলৰ জাগৃতি কলিতাই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে তিনিচুকীয়াৰ বসন্ত বিহুৱা দলৰ সীমা দুৱৰাই দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে বিহু কন্যা প্ৰতিযোগিতাত চিৰাজুলিৰ চিৰ চেনেহী সংঘৰ সৃষ্টি কানন অধিকাৰীয়ে প্ৰথম আৰু নগাঁৱৰ দিচাং বিহুৱা দলৰ সৃষ্টি বৰাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি এই প্ৰতিযোগিতাত বসন্ত বিহুৱা দলে শ্ৰেষ্ঠ ঢুলীয়া, মৰিগাঁৱৰ সৰুদৈয়া বিহুৱা দলে শ্ৰেষ্ঠ পেঁপাবাদক, নগাঁৱৰ দিচাং বিহুৱা দলে শ্ৰেষ্ঠ তালবাদক আৰু মৰিগাঁৱৰ টঙালি বিহুৱা দলে শ্ৰেষ্ঠ বিহুৱাৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয়।