ভাটি জাকৰুৱা নামঘৰ প্ৰাংগণৰপৰা জয়ন্ত মুদৈ, নগাঁওঃ একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিকৰ বাৰ্ষিক পালনাম, অধিৱেশন আৰু ধৰ্মালোচনী সভা বুধবাৰৰেপৰা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে বেবেজীয়াৰ দাঁতিকাষৰীয়া দেওবালি-ফুলগুৰিৰ ভাটি জাকৰুৱা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে৷

এই মৰ্মে বিভিন্ন প্ৰান্তৰপৰা অহা ভক্তৰ উপস্থিতিৰে অনুষ্ঠানস্থলীত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টিৰে সমন্বয় ক্ষেত্ৰত পৰিণত হৈ পৰিছে৷

আজি দ্বিতীয় দিনা পুৱা ৫ বজাত হেমৰাম আতাৰ পৰিচালনাত প্ৰাতঃপ্ৰসংগৰ পাছতে আইমাতৃসকলৰদ্বাৰা পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ পুৱা ৮ বজাত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিকৰ সভাপতি লৱ কুমাৰ দাসৰদ্বাৰা ধৰ্মধ্বজা উত্তোলনৰ পাছতে এটি বৰ্ণিল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়৷ 

শতাধিক সৰু-বৰ বাহনেৰে অসমীয়া কলা-কৃষ্টিৰ সমাহাৰ ঘটাই উলিওৱা এই শোভাযাত্ৰাই ফুলগুৰি, পেটবহা, ডিমৌ, বৰহোলা, বেবেজীয়া আদি অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰি সমগ্ৰ অঞ্চল উজ্বলাই তোলে৷ এই শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ উপ-সভাপতি কেশৱানন্দ দাসে৷

দুপৰীয়া ভকত আদৰণিৰ পাছতেই তৰুণ বিদ্যাৰ্থী সমাজৰদ্বাৰা প্ৰাৰ্থনা সভা আৰু পূব শালমৰা গাঁৱৰ গায়ন-বায়নৰদ্বাৰা খোল-প্ৰসংগ পৰিৱেশন কৰা হয়৷ বিয়লি ৩ বজাৰপৰা একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম দাসৰ সঞ্চালনাত ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়৷

পাৰমাৰ্থিক সন্মিলনৰ সদস্য ক্ষিতিশ দাসে আচাৰ্য প্ৰণাম কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে সভাখনি শুভ উদ্বোধন কৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ সভাপতি ভূৱনেশ্বৰ দাসে৷ সন্ধিয়া বন্তি প্ৰজ্বলন, গুণমালা কীৰ্ত্তন আৰু খোল-প্ৰসংগৰ অন্তত নিশা মহা-পালনাম কীৰ্ত্তন অনুষ্ঠিত হয়৷

উল্লেখ্য, এই মহা পালনাম কীৰ্ত্তন ওৰে নিশা অবিৰতভাৱে চলি থাকি কাইলৈ পুৱা ৫ বজাত ইয়াৰ সামৰণি পৰাৰ পাছতে কৃপা প্ৰাৰ্থনা অনুষ্ঠিত হ’ব৷