নগাঁওঃ 'চৰকাৰত থাকি নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰাই অগপ দলৰ মূল লক্ষ্য, আমি চৰকাৰৰ বাহিৰে-ভিতৰে থাকি এই বিলৰ বিৰোধিতা কৰি যাম। যিদিনাই চৰকাৰে এই বিল গৃহীত কৰিব, সেইদিনাই আমি চৰকাৰৰপৰা ওলাই আহিম। অসম গণ পৰিষদ দল কেৱল  জাতিৰ স্বাৰ্থতহে গঠিত হৈছে। জাতি ধ্বংস কৰা এই বিল অ গ পই কেতিয়াও সমৰ্থন নকৰে। জাতিতকৈ স্বাৰ্থ ডাঙৰ নহয়’— এই মন্তব্য অ গ পৰ জ্যেষ্ঠ নেতা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ।

আজি বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত মাজশিলপুখুৰী গৰলীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ বিশাল গণ সমাৱেশত উপস্থিত থাকি মন্ত্ৰী মহন্তই লগতে কয় যে আঞ্চলিক দল হিচাপে অ গ পই বিভিন্ন সময়ত অসমৰ ৰাইজৰ  কল্যাণৰ বাবে যুঁজি আহিছে। অ গ প দলে সমাগত পঞ্চায়ত নিৰ্বাচন শক্তিশালী ৰূপত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জাতিক উদ্ধাৰৰ বাবে অ গ পৰ ভেটি মজবুত কৰিবলৈ ৰাইজক আহ্বান জনায়।

অ গ পৰ বটদ্ৰৱা সমষ্টি কমিটীৰ সভানেত্ৰী মামনি বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত জ্যেষ্ঠ অগপ নেতা তথা খাদ্য মন্ত্ৰী ফনিভূষণ চৌধুৰী  উপস্থিত থাকি কংগ্ৰেছ, এ আই ইউ ডি এফ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে ৰাইজক কেৱল ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি  উন্নয়ন হ’ব বুলি কৈ বিগত পোন্ধৰ বছৰ শাসন কৰিলে৷ কিন্তু উন্নয়ন কেৱল নিদিষ্ট পুঁজিপতি শ্ৰেণীৰহে হ’ল। জনগণৰ একো উন্নয়ন হোৱা নাই। এ আই ইউ ডি এফ দলৰ কৰ্ম-কৰ্তাই কেৱল নিৰ্বাচনৰ আগে আগে ৰাইজৰ কাষ চাপে। জাতিৰ উন্নয়ন বাবে অসম গণ পৰিষদ দলৰ বাহিৰে  আন একো বিকল্প নাই। 

অগপৰ বটদ্ৰৱা সমষ্টি কমিটীৰ সম্পাদক চন্দ্ৰ মোহন বৰাই আঁত ধৰা সভাখনত বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অ গ পত যোগদান কৰে। সভাখনত বটদ্ৰৱা সমষ্টিৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ লগতে যুৱ নেতা ক্ৰমে মুছলেফুল আহমেদ, হুছেইন মোহম্মদ এছাদৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে৷