জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ নামত এটা দুষ্টচক্ৰই কু-আভিসন্ধিৰে জনগোষ্ঠীটোৰ একতা আৰু সাংগঠনিক দিশ দুৰ্বল কৰা মানসেৰে নিজকে স্বয়ম্ভু সভাপতি, সম্পাদক সজাই অহা ৩০ জুলাইত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা এটা অনুষ্ঠান নগাঁও শ্বহীদ ভৱনত আয়োজন কৰিছে। 

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে নজনাকৈ আৰু নগাঁও জিলা সন্মিলনীৰ অজ্ঞাতে এই অনুষ্ঠানৰ চিঠি পত্ৰত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ পঞ্জীয়ন নম্বৰ আৰু নগাঁও জিলা সন্মিলনীৰ কাৰ্যালয় "চিলাৰায় ভৱন"ৰ নাম ব্যৱহাৰ কৰাত নগাঁও জিলা সন্মিলনীয়ে উদ্বেগ প্ৰকাশ কৰিছে। 

নগাঁও জিলা সন্মিলনীৰ স্বীকৃতিপ্ৰাপ্ত সভাপতি দীপক বৰা আৰু সম্পাদক প্ৰভাত বৰাই এক প্ৰেছ বিবৃতি যোগে জনগোষ্ঠীৰ মাজত বিভীষণৰ দৰে ভূমিকা লৈ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ নিচিনা মহান অনুষ্ঠান এটাৰ গইনাৰে জনগোষ্ঠীটোৰ মাজত ভুল বুজাবুজি সৃষ্টিৰে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰপৰা বিৰত থাকিবলৈ দুষ্ট চক্ৰটোক সকিয়াই দিয়ে। 

অন্যথা নগাঁও জিলা সন্মিলনীয়ে আইনৰ সহায় ল’বলৈ বাধ্য হ’ব। নগাঁও জিলা সন্মিলনীৰ সভাপতি দীপক বৰা আৰু সম্পাদক প্ৰভাত বৰাই লগতে কোনো দুষ্টচক্ৰৰ কথাত পতিয়ন নাজাবলৈ আৰু সেই দুষ্টচক্ৰৰ দ্বাৰা ৩০ জুলাই তাৰিখে আয়োজন কৰা অনুষ্ঠানটিত অংশ গ্ৰহণৰপৰা বিৰত থাকিবলৈ জনগোষ্ঠীটোৰ ৰাইজক অনুৰোধ জনাইছে।