Printer-friendly version

জয়ন্ত মুদৈ, নগাঁওঃ এক মনোৰম সত্ৰীয়া শৈলীৰ অনুষ্ঠানেৰে ২৫ জুলাইৰ সন্ধিয়া মুখৰিত হৈ পৰিল নগাঁও জিলাৰ খুটিকটীয়া অঞ্চল। ১৯৭৪ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁৱৰ অন্যতম শংকৰী কলা-কৃষ্টিৰ সাংস্কৃতিক অনুষ্ঠান 'প্ৰগতি সমাজ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনন্য সত্ৰীয়া শৈলীৰ অনুষ্ঠানে জিলিকাই তুলিলে কলংপৰীয়া অঞ্চলটোক। 

দ্বীপজ্যোতি নাথ আৰু কবিতা দাসৰ বৰগীতেৰে শুভাৰম্ভ হোৱা এই বৰ্ণিল অনুষ্ঠানটিত কৃষ্ণ নৃত্য, চালি নৃত্য, দশাৱতাৰ নৃত্য, লৱণু চুৰিৰ অভিনয়, গায়ন-বায়ন আদি পৰিৱেশন কৰে একাংশ শিশু আৰু চেমনীয়াই। 

প্ৰগতি সমাজৰ স্থায়ী মঞ্চত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদকপ্ৰাপ্ত নগঞা শিল্পী পুনিৰাম বৰা, মাজুলীৰ দেবেন চন্দ্ৰ ভূঞা আৰু ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল'শ্বিপপ্ৰাপ্ত নলবাৰীৰ সনাতন বৈশ্যক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক আদৰণি জনোৱা হয়। 

ইফালে, এই অনুষ্ঠানটিত প্ৰতিভাৱান শিল্পী প্ৰিয়ংকা খাটনিয়াৰে মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি স্থানীয় যুৱকসকলে পৰিবেশন কৰা গায়ন-বায়নৰ জোৰাৰে সামৰণি পৰে।