নগাঁৱত নিয়োগ মেলা
নগাঁৱত দক্ষতা আঁচনিৰ অধীনত নিয়োগ মেলা

নগাঁওঃ  যিটো সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলে কৰ্ম সংস্থাপন বিচাৰি হামৰাও কাঢ়িবলগীয়া হৈছে, ঠিক সেই সময়তে নগাঁও জিলাৰ পাথৰিৰ ভকেশ্বনেল ইনষ্টিটিউটে আজি নগাঁৱত নিয়োগ মেলা পাতি শিক্ষিত যুৱক- যৱতীৰ মূখলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

কেন্দ্ৰীয় আৰু ৰাজ্য  চৰকাৰৰ দক্ষতা বিকাশ আঁচনিৰ অধীনত পি ভি আইৰ সঞ্চালক এম শৰ্মা প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই নিয়োগ মেলাত দেশৰ আগশাৰীৰ পাঁচটাকৈ প্ৰতিষ্ঠানৰ নিয়োগ বিষয়াই বিভিন্ন ক্ষেত্ৰত নিয়োগৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰে। নিয়োগ মেলাখন পুৱা শুভাৰম্ভ কৰে অসম দক্ষতা বিকাশ অভিযানৰ নগাঁও জিলাৰ প্ৰকল্প বিষয়া ফাৰুক আহমেদে। মেলাখনত কেইবা শতাধিক নিবনুৱা যুৱক- যুৱতীয়ে ভাগ লয় ৷

জয়ন্ত মুদৈ,নগাঁও