নগাঁওঃ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এতিয়া বলিছে নিৰ্বাচনী বতাহ। প্ৰতিজন প্ৰাৰ্থী আৰু সমৰ্থকে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বিভিন্ন কুট-কৌশল ৰচনা কৰিছে। 

ইয়াৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চমকাত নিৰ্বাচন কেন্দ্ৰিক এক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত তথ্য মতে, সমষ্টিটোৰ আমলখি গাঁও পঞ্চায়তৰ  চমকাৰ আব্দুল চালাম নামৰ এজন বৃদ্ধক শনিবাৰে পুৱা একে গাঁৱৰে ইন্তাজ আলীৰ পুত্ৰ আজিজুল হকে সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। কিন্তু বৃদ্ধজনে চিন্তা চৰ্চা কৰিহে ভোট দিম বুলি কোৱাৰ লগে লগে কংগ্ৰেছী আজিজুল হকে খঙত অগ্নিশৰ্মা হৈ মটৰচাইকেলৰ চাবিৰে তেওঁক মূৰত আৰু মুখমণ্ডলত আঘাত কৰাৰ লগতে কংগ্ৰেছত ভোট নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

এনে সময়তে উক্ত স্থানত স্থানীয় কেইবাজনো লোক সমবেত হোৱাত আক্ৰমনকাৰীটো পলায়ন কৰে৷ লগে লগে লোককেইজনে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধজনক ততাতৈয়াকৈ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসাত ভৰ্তি কৰায়। উল্লেখ্য যে, সমাগত পঞ্চায়ত নিৰ্বাচনত উক্ত পঞ্চায়তত কংগ্ৰেছ দলৰ হৈ ৮ নং ৱাডত সদস্যা পদৰ প্ৰাৰ্থীৰ বাবে মনোনয়ন দাখিল কৰিছে আজিজুলৰ পুত্ৰ-বোৱাৰীয়ে। কিন্তু নিজৰ পুত্ৰ-বোৱাৰীৰ ভোট গোটাবলৈ গৈ নিৰহী বৃদ্ধ লোক এজনে কংগ্ৰেছ দলক ভোট দিব বুলি প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে মাৰপিট কৰা ঘটনাক একে মুখে ধিক্কাৰ দিছে স্থানীয় সচেতন মহলে। 

উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান চেপা উত্তেজনা বিৰাজ কৰিছে। ইফালে, উক্ত পঞ্চায়তটোত দুজনমান কংগ্ৰেছী দালালে একাংশ গুণ্ডা বাহিনীক লগত লৈ চলে-বলে কৌশলে দুখীয়া-নিৰক্ষৰ লোকক  ভয়-ভাবুকি প্ৰদান কৰি পঞ্চায়তৰ আসন দখল কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। উক্ত ঘটনাৰ এক উচিত ন্যায় বিচাৰি দুৰ্ভগীয়া বৃদ্ধগৰাকীয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত  কংগ্ৰেছী গুণ্ডা আজিজুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷