চামগুৰিঃ ৰঙালীৰ ৰং-আনন্দ বৰ্তমানেও অব্যাহত আছে নগাঁৱৰ পুৰণিগুদামত। সোমবাৰে পুৰণিগুদামৰ নিকটৱৰ্তী নামপানীগাৱঁৰ যুৱকসকলে নামপানীগাৱঁৰ সামাজিক শিক্ষ‍া কেন্দ্ৰৰ লগতে পুঁথিভড়াল প্ৰাঙ্গনত ৰঙালী বিহুৰ লগত সংগতি ৰাখি কৰা দিন যোৰা কাৰ্যসূচীৰে আয়োজন কৰা মুকলি বিহুৰ সফল সামৰণি পৰে। 

মুকলি বিহু অনুষ্ঠানৰ আৰম্ভণিতে গাঁওৰ কণ-কণ শিশু সকলৰ দ্বাৰা বিহু নৃত‍্য প্ৰৰ্দশন কৰাৰ লগতে আমন্ত্ৰিত অতিথি ক্ৰমে বিশিষ্ট শিক্ষাবিদ বুদ্ধিনাথ কলিতা আৰু শ্ৰী শ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীক আদৰণি জনায়। ইয়াৰ পাছতেই পুৰণিগুদাম অঞ্চলৰ এটা আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান অংগাভিনয়, অসমৰ সঞ্চালক বনশ্ৰী শৰ্মা কলিতাৰ নেতৃত্বত অংগাভিনয় অসমৰ বিহু নৃত‍্য, জনগোষ্ঠীয় নৃত্য, সাত ভনী গীতৰ নৃত্য প্ৰৰ্দশন কৰাৰ লগতে পহুকটা পানীগাঁৱৰ ৰশ্মি চোৰাংচোৱাৰ নেতৃত্বত জেং বিহু,নামপানী গাৱঁৰ যুৱতী পুজা কলিতাৰ বিহুসুৰীয়া নৃত‍্য, পহুকটা পানীগাৱঁৰ বিহুৱা দলৰ দলপতি ক্ৰমে বাবুল কলিতা আৰু গিৰিন্দ্ৰ কলিতাৰ নেতৃত্বত কন কন মইনাহতঁৰ দ্বাৰা বিহু নৃত‍্য প্ৰৰ্দশন কৰা হয়।

আনহাতে উক্ত অনুষ্ঠানতে পৰম্পৰাগতভাৱে চলি অহা খেল-ধেমালীৰো পুৰষ্কাৰ সমূহ বিতৰণ কৰা হয়।