জয়ন্ত মুদৈ,নগাঁওঃ নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৰ জাজৰিত মঙলবাৰে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি ক্ষুব্ধ ৰাইজে জাজৰি থানা ঘেৰাও কৰাত সৃষ্টি হয় এনে পৰিস্থিতিৰ৷ 

আচলতে কিশোৰ ছাত্ৰক নিৰ্যাতন চলোৱা দুৰ্বৃত্তক আটক নকৰি কৌশলেৰে অপৰাধীক সুৰক্ষা প্ৰদান কৰাৰ অভিযোগেৰে আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে তীব্ৰ প্ৰতিবাদ সাৰ্বস্ত কৰাত থানা চৌহদ উত্তাল হৈ পৰে৷ 

জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ আইভেটিত যোৱা দেওবাৰে দিন দুপৰতে এটি কনমানি কিশোৰক হাত ভৰি বান্ধি অমানুসিক নিৰ্যাতন চলাইছিল দুৰ্বৃত্তই৷ নৱম মান শ্ৰেণীৰ বিপুল বৰা নামৰ ছাত্ৰজনক ঘৰত কোনো নথকা অৱস্থাত হাত-ভৰি বান্ধি মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল৷ 

আনকি হত্যাৰ মানসেৰে কিশোৰ ছাত্ৰজনক দুৰ্বৃত্তই ভগা গ্লাচৰ টুকুৰা পানীৰ লগত মিহলাই খুৱাই দিছিল৷ পিছত সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে  চিকিৎসালয়ত ভৰ্তি কৰাইছিল কিশোৰ ছাত্ৰজনক৷ দিন দুপৰতে ঘটা এই নাৰকীয় কাণ্ডই বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া ছাত্ৰজনৰ পিতৃ মাতৃয়ে ন্যায় বিচাৰি জাজৰি থানাত উক্ত ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৪২/৩২৬/৩০৭/৪৪৭/৩৪ ধাৰাত ৯৫/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি কালি ঘটনাত জড়িত থকা এজন কিশোৰক আটক কৰিছিল। 

কিন্তু ৰহস্যজনকভাৱে এজন অপৰাধীক আটক কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ছাত্ৰজনৰ পৰিয়াল তথা স্থানীয় ৰাইজে৷ কিয়নো এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ছাত্ৰজনে তেওঁক আক্ৰমণ কৰা তিনিটা দুৰ্বৃত্তৰ ভিতৰত দুটাক চিনাক্ত কৰি নামো প্ৰকাশ কৰিছিল যদিও জাজৰি আৰক্ষীয়ে এজনকহে আটক কৰা কাৰ্যই আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰহে গোন্ধ পাইছে স্থানীয় ৰাইজে৷ 

ৰাইজৰ অভিযোগ, লোমহৰ্ষক ঘটনাটোৰ লগত জড়িত অপৰাধীৰ আত্মীয়ৰ শাসকীয় বিজেপি দলৰ স্থানীয় নেতাৰ লগত সু-সম্পৰ্ক থকাৰ বাবেই জাজৰি আৰক্ষীয়ে অপৰাধীক সুৰক্ষা প্ৰদানত উঠি-পৰি লাগিছে৷ আনকি আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত কালি আটক কৰা কিশোৰ জনৰ মাহীয়েকে বৃহৎ ধনৰ লেনদেনেৰে জাজৰি আৰক্ষীক মেনেজ কৰাৰ গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ। সেইহে ঘটনা সংঘটিত হৈ যোৱাৰ তিনিদিন পাৰ হোৱাৰ পিছতো জাজৰি আৰক্ষীয়ে আটক কৰা নাই ঘটনাত জড়িত আন দুটা অপৰাধীক। 

কাজেই, জাজৰি আৰক্ষীৰ এনে পক্ষপাতমূলক আচৰণত ক্ষুভিত হৈয়েই কালি ক্ষুব্ধ ৰাইজে থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিৱেশ উত্তাল কৰি তোলে৷ 

এতিয়া প্ৰশ্ন হয় অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া জাজৰি আৰক্ষীয়ে ঘটনাত জড়িত থকা দুই অভিযুক্তক আটক কৰিবনে? নে আৰক্ষীয়ে গোপন বুজাবুজি কৰি অপৰাধীক আইনৰ সুৰুঙাৰে সুৰক্ষা প্ৰদান কৰিব? জাজৰি আৰক্ষীৰ এই কাণ্ডকলৈ এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে৷