নগাঁওঃ সমগ্ৰ বিশ্বকে কপাঁই তোলা মাৰাত্মক কৰ’না ভাইৰাছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো সৰ্বত্ৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ এই ভাইৰাছত বৰ্তমানলৈকে ৰাজ্যৰ কোনো লোক আক্ৰান্ত হোৱা নাই যদিও চৰকাৰে ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰাৰ অৰ্থে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ 

এই ভাইৰাছবিধ যাতে কোনো কাৰণতে বিয়পিব নোৱাৰে তাৰ বাবে কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা চৰকাৰে বলৱৎ কৰিছে। চৰকাৰৰ এনে কঠোৰ নীতি-নিৰ্দেশনাৰ প্ৰতি নগঞা জনগণে সঁহাৰি জনাই যথেষ্ট সচেতনতা অৱলম্বন কৰা দেখা গৈছে। বিগত দিনকেইটাত বিশেষ এৰাব-নোৱাৰা কাম নাথাকিলে নগঞা লোকসকল ঘৰৰ বাহিৰ নোলাই গৃহবন্দিত্ব যাপন কৰাত সন্ধিয়াৰে পৰা গ্ৰামাঞ্চলৰ ৰাজহুৱা স্থান আৰু বাট-পথ জনশূন্য হৈ পৰা দেখা গৈছে৷ 

সজাগ হোৱা নাই এইসকল

কৰ’নাতংকই সকলোকে এক অনাহুত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাধ্য কৰাইছে যদিও জিলাখনৰ পশ্চিম প্ৰান্তৰ একাংশ উদণ্ড প্ৰকৃতিৰ চেমনীয়া আৰু যুৱক এতিয়াও এই মাৰাত্মক ভাইৰাছক লৈ সচেতন হোৱা নাই৷ কিয়নো সৰ্বত্ৰে বিভীষিকাময় পৰিস্থিতি উদ্ভৱ হোৱাৰ পিছতো এইসকল চেমনীয়া আৰু যুৱকে পূৰ্বৰ দৰেই স্বাভাবিকভাৱে দিনে-নিশাই ঘূৰি-পকি ফুৰা দেখিবলৈ পোৱা গৈছে৷ কোনো কাম-বন নথকাকৈ বাইক লৈ অনাই-বনাই ঘূৰি স্ফূৰ্তি-তামাচাত মচগুল হৈ সময় অতিবাহিত কৰিছে এইসকলে৷ 

একাংশই আকৌ কৰ’নাতংকৰ ফলত খালী হৈ পৰা পথবোৰত তীব্ৰ গতিৰে বাইক চলাই ষ্টান্টমেন হোৱাৰো অপচেষ্টা চলাইছে৷ ঠায়ে ঠায়ে ১০-১২জন যুৱক লগ হৈ নদী বা বিল আদি জলাশয়ৰ পাৰত ভোজ-ভাত খাই চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰি আহিছে। ফলত চেমনীয়া আৰু যুৱকচামৰ এনে কৰ্ম-কাণ্ডই এতিয়া সচেতন লোকসকলক বেছ চিন্তিত কৰি তুলিছে। 

এনেদৰে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি ভয়াৱহ পৰিস্থিতিক তিলমানো গুৰুত্ব নিদি দুপৰ নিশালৈকে ঘূৰি ফুৰা হেতুকে এই ভাইৰাছ কিবা কাৰণত সংক্ৰমিত হ’লে অভাবৱনীয় পৰিস্থিতিৰ আশংকা কৰিছে সচেতন লোকসকলে৷ গতিকে এইসকল উদণ্ড প্ৰকৃতিৰ চেমনীয়া আৰু যুৱকৰ বিৰুদ্ধে জিলা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শংকিত নগঞা সচেতন লোকসকলে।

(ওপৰত ব্যৱহাৰ কৰা ফটোখন প্ৰতীকি ফটো)