Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

জয়ন্ত মুদৈ, নগাঁওঃ তিনি বছৰৰ পূৰ্বে ২০১৬ চনত জন্ম লাভ কৰ‍া নগাঁও জিলাৰ এক অগ্রণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'হেঁপাহ'ৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো লোকনৃত্যক বিষয় হিচাপে লৈ অহা ৬ ৰপৰা ১৫ জুলাইলৈ এখন গ্রীষ্মকালীন কর্মশালাৰ আয়োজন কৰা হৈছে। 

কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত হ’ব অনুষ্ঠিত হ’বলগীয়া দহদিনীয়া এই কর্মশালাৰ বাবে ইতিমধ্যে প্র-পত্র নির্ধাৰিত স্থানসমূহত বিতৰণ কৰি থকা হৈছে। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে কুজিদাঁহৰ দিলীপ ষ্টোৰ, জাজৰিৰ সাৰথি বুক ষ্টল আৰু জামুগুৰি চাৰিআলিৰ পাটকাই বুকছৰপৰা প্র-পত্রসমূহ সংগ্রহ কৰিব পাৰিব। 

কর্মশালা বিষয়ক কিবা জানিব বিচাৰিলে ৬৩৮৭-১৩০৮৪, ৮৮৭৬২-০৩৬৫৮, ৮৬৩৮২-৯৮৩৫৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাইছে উদ্যোক্তাসকলে৷ ইফালে, বেবেজীয়াৰ সমীপৰ শেতালীৰ এচ কে বি এল ৰংগমঞ্চত সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ 

সাতদিনীয়াকৈ আয়োজিত এই কৰ্মশালাখন অহা ১০ জুলাইৰপৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’ব৷ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব পৰিৱেশন কলা আৰু সত্ৰীয়া নৃত্যত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা নৃত্য বিশাৰদ নিজৰা ডেকা বৰাই৷ গতিকে ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক আগতিয়াকৈ ৮৬৩৮৩-১৩৬০৪ আৰু ৬০০১৯-৭৪৫২৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷