♦ ১০ ৰাজ্যৰ অংশগ্ৰহণ

 নলবাৰীঃ অসম হেণ্ডবল মহিলা দল আৰু অৰুণাচল হেণ্ডবল মহিলা দলৰ উদ্বোধনী খেলেৰে নলবাৰী জিলাৰ বেলশৰত আৰম্ভ হ’ল ২৩ সংখ্যক ৰাষ্ট্ৰীয় পূৱ মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা।

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শুকুৰবাৰৰেপৰা তিনিদিনীয়াকৈ ২৩ সংখ্যক ৰাষ্ট্ৰীয় পূব মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাখন আৰম্ভ হয়।

মুঠ ১০ খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ পুৱাৰ উদ্বোধনী লীগ খেলত অসমৰ মহিলা দলে অৰুণাচল দলক ২৪-১ ছেটত পৰাস্ত কৰে। 

ইপিনে, বিয়লিৰ আনখন খেলত পুৰুষৰ মণিপুৰ দলে ওড়িষা দলক ৩২-১৮ ছেটত পৰাস্ত কৰে। এই উপলক্ষে পুৱা ৮ বজাত ভাৰতীয় হেণ্ডবল সন্থা, অসম হেণ্ডবল সন্থা, নলবাৰী জিলা হেণ্ডবল সন্থা, বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ কাৰ্যসূচী মুকলি হয়।

ইয়াৰ লগতে ২৩ খন পতাকা আন বিভিন্ন ক্ষেত্ৰত জড়িত ২৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰে।

ইপিনে, প্ৰতিযোগিতা আদৰণি সমিতিৰ সভাপতি লক্ষ্মী পাটোৱাৰীৰ পৌৰোহিত্যত অনুষঠিত উদ্বোধনী অনুষ্ঠানৰ সভাত মেঘালয়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দেৱৰা মাৰাক, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ উদ্বোধনী ভাষণ আগবঢ়ায় অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে। ইয়াৰ পূৰ্বে খেলুৱৈসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰা হয়। প্ৰতিযোগিতাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িষা, নাগালেণ্ডৰ দলে অংশ লয়৷