হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত বুধবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

নলবাৰীৰ ৰাজেন্দ্ৰ চৌধুৰী ভৱনত বিয়লি জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিয়া ভাষণত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই হেমচন্দ্ৰ বৰুৱাক অসমৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰি কয় যে যিটো সময়ত শিক্ষাৰ নামত ব্যভিচাৰ চলিছিল, সেই সময়ত হেমচন্দ্ৰ বৰুৱাই অভিধান, ব্যাকৰণ প্ৰণয়ন কৰি অসমীয়া ভাষাক ৰক্ষা কৰিছে।

হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে হেমচন্দ্ৰ বৰুৱা আছিল মানুহকেন্দ্ৰিক মানৱতাবাদী। সেয়ে তেওঁ সংস্কাৰবাদী আদৰ্শ গ্ৰহণ কৰিছিল। 

বিদ্ৰুপাত্মক ব্যংগ লিখাত সিদ্ধহস্ত হেমচন্দ্ৰ বৰুৱা সন্দৰ্ভত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই তীৰ্থনাথ শৰ্মাৰ উদ্ধৃতিৰে কয় যে হেমচন্দ্ৰৰ ব্যংগই কাটেও, ৰেপেও। কিন্তু বেজবৰুৱাৰ ব্যংগই কেৱল কাটেহে।

ড° ভট্টাচাৰ্যই এই বুলিও কয় যে নতুন প্ৰজন্মই হেমচন্দ্ৰক স্মৰণ আৰু অধ্যয়ন কৰিলেহে উপলব্ধি কৰাত সহজ হ'ব আমি প্ৰকৃততে কিমান বাহিৰ শুৱনি ভিতৰ ফোপোলা। অনুষ্ঠান উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° কবিতা চৌধুৰীয়ে।

অনুষ্ঠানত আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে কামৰূপ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গিৰীশ চন্দ্ৰ ডেকাই আৰু মাল্যাৰ্পণ কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যজ্ঞেশ্বৰ বুজৰবৰুৱাই।

একে অনুষ্ঠানতে সাহিত্যিক ড° লীনা ডেকা আৰু অশ্চিনী কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মাই অনুষ্ঠানৰ আঁত ধৰে।