নলবাৰীঃ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বি জে পিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই বুধবাৰে সন্ধিয়া নলবাৰী হৰি মন্দিৰ প্ৰাংগণত সাংবাদিকৰ লগত হোৱা কথাবতৰাত কয় যে অসমীয়া ভাষা বা অসমীয়া জাতিটোক কোনোবাই  ত্ৰিপুৰা হ'ব বুলি ভয় খুৱাই দি ভিতৰি ভিতৰি কাশ্মীৰ বনাব খুজিব, সেইটো হ'বলৈ দিয়া নহ'ব ৷

তেওঁ পুনৰ কয় যে অসমক কাশ্মীৰো হ'বলৈ দিয়া নহ'ব ত্ৰিপুৰাও হ'বলৈ দিয়া নহ'ব ৷ সাংবাদিকৰ প্ৰশ্ন  উত্তৰত পুনৰ কয় যে আমছু কেতিয়াও জাতীয় সংগঠন হ'ব নোৱাৰে, সেইটো মানি ল'ব নোৱাৰি ৷

বিদেশী অনাৰ পক্ষত বি জে পি নাই ৷ নাগৰিকত্ব বিধায়কখনক লৈ সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ নপৰে আৰু বৰঞ্চ বি জে পিয়ে ভাল ফলাফলে লাভ কৰিব বুলিও তেওঁ দাবী কৰে ৷ তেওঁ নাম প্ৰকাশ নকৰাকৈ কয় যে এজন প্ৰাক্তন প্ৰভাৱশালী  মন্ত্ৰীৰ ক'লা ধনৰে একাংশ সংগঠন চলি আছে৷ প্ৰয়োজন সাপেক্ষে তাৰ তথ্যও যোগান ধৰিব বুলিও কয় ৷

বাংলাদেশী সন্দৰ্ভত কয় যে সৌ সিদিনা কাটা তাঁৰ পাৰ হৈ অহা কৰিমউদ্দিনহঁতৰ লগত বি জে পি নাথাকে, ইয়াৰ সদায় প্ৰতিবাদ কৰিব৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ অন্তৰলৈ যিসকল গৈছে তেওঁলোকক আৱেগৰ ঢৌৱে একো কৰিব নোৱাৰে । ভাৰতৰ সংবিধানত বহুকেইটা দফা আছে য'ত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা হিন্দুক সুৰক্ষা দিয়াটো মানি লৈছে । নাগৰিকত্ব আইনখনো তেনেকুৱা এটা 'দফা'। 

নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ সাংবাদিকৰ আগত এনেদৰেই কেতবোৰ মন্তব্য আগবঢ়ায় জয়ন্ত মল্ল বৰুৱাই। সংখ্যালঘু লোকৰ সন্দৰ্ভত বৰুৱাই আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ বাবে দলৰে নেতা তৌফিক ৰহমান খৰ্গহস্ত হৈ পৰা সম্পৰ্কতো মন্তব্য আগবঢ়ায় বি জে পিৰ মুখপাত্ৰজনে। বৰুৱাই নতুনকৈ আলফালৈ যুৱক-যুৱতী যোৱা বাতৰি পৰিৱেশন নকৰিবলৈ সাংবাদিকক আহ্বান জনাই কয় যে, এনে বাতৰি প্ৰকাশে ন ন যুৱক-যুৱতীক আলফালৈ যোৱাৰ বাবে আকৰ্ষিত কৰিব পাৰে। এনে পৰিস্থিতিয়ে ৰাজ্যখনলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলিও প্ৰকাশ কৰে বি জে পিৰ মুখপাত্ৰগৰাকীয়ে।