হেমন্ত কলিতা, নলবাৰীঃ আইটিএফ টাং-চু-দু স্পোৰ্টছ এছোচিয়েচন, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু(ল'ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

উক্ত খেলখনত নলবাৰী জিলা টাংচু-দু এছোচিয়েচনৰপৰা এঘাৰজনীয়া এটা দলে অংশগ্ৰহণ কৰে।নলবাৰীৰ দলটোৱে দুটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

সোণৰ পদক লাভ কৰে চাহিল কুমাৰ ঠাকুৰ, ইনতাদুল হুছেইনে আৰু ৰূপৰ পদক লাভ কৰে ৰিচান তাহিৰ, আৰমান হক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে দ্বীপজ্যোতি ডেকাই।

উক্ত খেলখনত নলবাৰী জিলা দলটোৰ প্ৰশিক্ষক হিচাপে গৈছিল আজহাৰুল আমিন, গুৱাহাটীৰ  বিচাৰক হিচাপে উপস্থিত থাকে এনচি ৰাও আৰু মুখ্য কাৰিকৰি প্ৰশিক্ষক দেৱজিত গগৈয়ে খেলখন সফলৰূপে চলাই নিয়ে।