নলবাৰীঃ নলবাৰী জিলাৰ বৰকুৰিহাত মহিলাৰ মৰ্চাৰদ্বাৰা এক ব্যতিক্ৰমী ব’হাগী উৎসৱ উদযাপন কৰা হয়। 

দেওবাৰে পুৱা ৭ বজাত চাফাই অভিযান, ৮ বজাত পতকা উত্তোলন, ৯ বজাত খেল-ধেমালি প্ৰতিযোগিতা, ১০ বজাত চিএাংকন প্ৰতিযোগিতা, ১১ বজাত ভেকশ্যন প্ৰতিযোগিতা, দিনৰ ১ বজাত লাৰু-পিঠা প্ৰতিযোগিতা, আবেলি ৩ বজাত বোৱাৰী আৰু ছোৱালীৰ মাজত ফেশ্ব’ন প্ৰতিযোগিতা, ৫ বজাত বঁটা বিতৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে উক্ত ব’হাগী উৎসৱ অনুষ্ঠানটো মহিলাৰদ্বাৰা পৰিচালিত হৈছে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীয়ে মহিলা। বৰকুৰিহা মহিলা মৰ্চাই মহিলাৰদ্বাৰা পৰিচালনা কৰি নাৰী সাৱলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। 

উক্ত ব'হাগী উৎসৱত শিশু শিল্পী প্ৰিয়াস্কী কাশ্যপে গীত গাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ফেশ্ব’ন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰ ডলী মেধিয়ে।