নলবাৰীঃ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা বৰভাগ শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন দেওবাৰে বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। 

উক্ত অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ তথা দমদমা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰভাগৰ সু-সন্তান কৰেন্দ্ৰ চন্দ্ৰ তালুকদাৰৰ অভিনন্দন গ্ৰন্থ উন্মোচনৰ লগতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শাখা সাহিত্য সভাৰ তৰফৰপৰা তালুকদাৰক এখন সম্বৰ্ধনা পত্ৰ, শৰাই ফুলাম জাপি, গামোচা, কিতাপৰ টোপোলা আগবঢ়োৱা হয়।

ইয়ৰ উপৰি প্ৰায় ডেৰকুৰি গুণমুগ্ধ‌ই ফুলাম গামোচাৰে অভিনন্দন জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি তালুকদাৰে বৰভাগৰ অতীত ৰোমন্থন কৰি অভিভূত হৈ পৰে। দণ্ডী ৰাম দাসৰ সম্পাদনা অভিনন্দন গ্ৰন্থ 'ক্ৰান্তদৰ্শী' উন্মোচন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই কৰেন্দ্ৰ চন্দ্ৰ তালুকদাৰৰ ছাত্র হিচাপে স্মৃতি ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে। তেওঁ শিক্ষকৰ সন্মান আটাইতকৈ বেছি বুলি বক্তব্য প্ৰদান কৰে। তেওঁ বৰ্তমান সময়ত নিজৰ ল'ৰা-ছোৱালীক বন্ধুত্ব সুলভ শাসন কৰাৰ পৰামৰ্শ দিয়ে।

বৰভাগ শাখা সাহিত্য সভাৰ মুখপত্ৰ 'সমুদ্ৰ শংখ’ উন্মোচন কৰি অধ্যাপিকা ড° কৰবী ডেকা হাজৰিকাই অভিনন্দন গ্ৰন্থ‌ই নতুন লেখক-লেখিকাক লেখা-মেলা কৰাৰ সুবিধা প্ৰদান কৰে বুলি বক্তব্য প্ৰদান কৰে।

বৰভাগ শাখা সাহিত্য সভাৰ সভাপতি বিধুভূষণ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নলবাৰী ৰত্ন ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কয় যে এজন সম্বৰ্ধিত ব্যক্তিৰ বাবে এটা অঞ্জল গৌৰৱাণ্বিত হয়।

সভাত বক্তব্য প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই। সভা উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুচৰ আহমেদে। প্ৰতিবেদন পাঠ কৰে শাখা সভাৰ সম্পাদক শৰৎ কলিতাই।

সভাৰ পূৰ্বে পুৱাৰ ভাগত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ উপ-সভাপতি অচ্যুত কুমাৰ পাটোৱাৰীয়ে। বন্তি প্ৰজ্বন কৰে শাখা সভাৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰ গোস্বামীয়ে। ইয়াৰ পাছতে প্ৰতিনিধি সভা মুকলি কৰে শাখা সভাৰ প্ৰাক্তন সভাপতি কনক চন্দ্ৰ লহকৰে।