মুম্বাইঃ ছ’নি টিভিৰ আটাইৰে জনপ্ৰিয় অনুষ্ঠান দ্যা কপিল শৰ্মা শ্ব’ত এতিয়া আৰু নৱজৌত সিঙ সিদ্ধুক পৰ্দাত দেখা নাপাব৷ এই বিষয়ে ছ’নি চিভিৰ কৰ্তৃপক্ষই টুইটৰ দ্বাৰা জানিবলৈ দিয়ে৷ 

অভিনেত্ৰী, কমেডিয়ান তথা ৰসালপূৰ্ণ ব্যক্তি অৰ্চনা পুৰণ সিঙক সিদ্ধুৰ আসনত সকলোৱে দেখা পাব বুলি জানিব পৰা গৈছে৷ ছ’নি টিভিয়ে তেওঁলোকৰ টুইটৰ দ্বাৰা কয় যে কপিল শৰ্মাৰ অনুষ্ঠানলৈ অৰ্চনাক স্বাগতম জনাইছে৷ এই পোষ্টৰ পাছতেই অনুষ্ঠানৰ লগত জড়িত থকা সকলোকে এই বাৰ্তা প্ৰেৰণ কৰে ছ’নিৰ কৰ্তৃপক্ষই৷

দৰাচলতে নৱজৌত সিঙ সিন্ধুয়ে পুলৱামাত হৈ যোৱা ভয়াৱহ ঘটনাৰ সন্দৰ্ভত দিয়া মতৰ বাবেই এই জগৰ লাগে৷ আনহাতে, টুইটাৰ তথা সংবাদ মাধ্যমত তেওঁ এই বিষয়ৰ সন্দৰ্ভত কয় যে পাকিস্তানৰ লগত আলোচনাৰ মাজেৰেই সন্ত্ৰাসৰ সমস্যা দূৰ কৰিব পাৰি৷ সন্ত্ৰাসৰ বিৰোধিতা কৰো কিন্তু যিসকল এই শাস্তিৰ যোগ্য তেওঁলোকক হে এই শাস্তি প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰে নেতাগৰাকীয়ে৷

আনহাতে, নৱজৌত সিঙ সিদ্ধু এগৰাকী নেতাৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ খেলুৱৈ আছিল৷ বৰ্তমানেও কিছু বিৰ্তকিত মাজত সোমাই পৰা তেওঁলৈ জনতাই ক্ষোভ প্ৰকাশ কৰিছে৷