ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে পৰাজয়বৰণ কৰাৰ পাছত যেন দলটোৰ প্ৰতি নেতা-পালিনেতাসকলৰ মোহভংগ হ’বলৈ ধৰিছে৷ এইবাৰ বিজেপি দল ত্যাগ কৰি নেতা স্বামী প্ৰসাদ মৌৰ্যৰ জোঁৱাই নৱাল কিশোৰে হাত মিলালে সমাজবাদীৰ পাৰ্টিৰ সৈতে৷ 

জানিব পৰা মতে, সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে শনিবাৰে লক্ষ্ণৌত সংবাদমেলৰ আয়োজন কৰে৷ এই সংবাদমেলতে নৱাল কিশোৰে অখিলেশ যাদৱক বুদ্ধদেৱৰ প্ৰতিমূৰ্তি দি উপ-নিৰ্বাচনত জয়ী হোৱাৰ বাবে শুভেচ্ছা জনায়৷ শুভেচ্ছাৰ অন্তত নৱালে যাদৱৰ দলত চামিল হোৱাৰ কথা জনোৱাত অখিলেশ যাদৱে সভা অনুষ্ঠিত কৰি পাৰ্টিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে৷