কোকৰাঝাৰঃ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্তৰ মুল অপহৰণকাৰী মিথিছাৰ মুছাহাৰী ওৰফে এম অণ্ঠাই(২৫)ক অৱশেষত অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কোকৰাঝাৰ অাৰক্ষী আৰু চিৰাং অাৰক্ষীয়ে কালি নিশা যৌথ অভিযান চলাই চিৰাং জিলাৰ ৰণীখাতা থানাৰ অন্তৰ্গত ১নং বেংতল নিৱাসী জনেন মুছাহাৰীৰ পূত্ৰ মিথিছাৰ নাৰ্জাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলাৰ অাৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে যোৱা ২১ ফেব্ৰুৱাৰীৰ দিনাখন ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্ত ভৱানীপুৰৰ পৰা অপহৃত হৈছিল আৰু পৰিয়ালৰ এজাহাৰ ভিত্তিত অাৰক্ষীয়ে এক গোচৰ (নং ১০৯/২০১৭) ৰজু কৰিছিল ।  পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ যোৱা ৪ মাৰ্চত অাৰক্ষীয়ে অপহৃত ৰঞ্জিত দত্তক চিৰাং জিলাৰ কয়লাময়লাৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

অপহৃত ব্যৱসায়ীগৰাকী উদ্ধাৰ হোৱাৰ পিছতো অপহৰণকাৰীৰ সন্ধানত অাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল অাৰু তাৰেই পৰিণতিত কালি নিশা অাৰক্ষীয়ে মুল অপহৰণকাৰী মিথিছাৰ মুছাহাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অাৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্তৰ মুল অপহৰণকাৰী মিথিছাৰ মুছাহাৰী এনডিএফবিৰ ৩৮ নং বেটচৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য অাৰু বৰ্তমানে এনডিএফবি (ৰঞ্জন গোট)ৰ সতে সংযুক্ত হৈ অাছিল বুলি সদৰি কৰিছে ।