ওদালগুৰিৰ বাসিন্দা সন্দৰ্ভত প্ৰশাসনৰ হাতত নাই কোনো স্পষ্ট তথ্য
"জন্ম চাৰ্টিফিকেট সন্দেহজনক, তদন্ত চলাই আছো"- আৰক্ষী অধীক্ষক

ওদালগুৰিঃ  ইজৰাইলত অসমৰ মহিলাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি বিভিন্ন সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈছিল ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল গাওঁত জন্ম লাভ কৰা শ্ৰী পুষ্কৰ ৰাজ শৰ্মা আৰু শ্ৰীমতী তীৰ্থ শৰ্মাৰ কন্যা নেহা শৰ্মাৰ(৩৮)  ইজৰাইলত এটি আশ্ৰমত কৰ্মৰত অৱস্থাত মৃত্যু ঘটিছে। 

এই বাতৰি প্ৰচাৰ হোৱাৰ লগে জিলাখনতো সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। সংবাদ মাধ্যমৰ লোক উপস্থিত হৈছিলগৈ মাজবাট থানাৰ অন্তৰ্গত মেৰাবিল গাওঁত। এই সন্দৰ্ভত গাওঁৰ লোকে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে তেওঁলোকে কোনো পুষ্কৰ ৰাজ শৰ্মা আৰু তীৰ্থ শৰ্মাক চিনি নাপায় লগতে গাওঁখনত নেহা শৰ্মা নামৰ কোনো যুৱতী নাই। 

আনহাতে ওদালগুৰি জিলাৰ ঊৰ্দ্ধতম আৰক্ষী বিষয়াৰ নিৰ্দেশ মতে মাজবাট আৰক্ষীয়েও পৰিয়ালটোৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি পুষ্কৰ ৰাজ শৰ্মাৰ এটি পৰিয়াল ১৯৮৩ চন পৰ্যন্ত মেৰাবিল গাওঁখনত বাস কৰিছিল। ১৯৮০ চনত জন্ম লাভ কৰা নেহা শৰ্মাৰ তিনি বছৰ বয়সত অৰ্থাৎ ১৯৮৩ চনত পৰিয়ালটো দিল্লীলৈ স্থানান্তৰ হয়। ইয়াৰ পাছত গাওঁখনৰ সৈতে পৰিয়ালটোৰ কোনো সম্পৰ্ক নাছিল । পৰৱৰ্তী সময়ত নেহা শৰ্মা নামৰ যুৱতীগৰাকীয়ে নেপালৰ যুৱক এজনৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়। উল্লেখ গুড়গাওঁৰ কোনো এটা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা বহিৰাষ্ট্ৰ ইজৰাইলৰ এখন আশ্ৰমত শুশ্ৰূষাৰ কামত নিয়োজিত হৈ বিগত ২২ নৱেম্বৰত মৃত্যু হয়। আনহাতে নেহাৰ জন্মৰ প্ৰমান পত্ৰক লৈ সন্দেহ প্ৰকাশ কৰিছে ওদালগুৰি আৰক্ষীৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষ‌ই। কিয়নো এই প্ৰমান পত্ৰৰ দ্বাৰাই নেহাই পাৰপত্ৰ উলিয়াবলৈ সক্ষম হৈছিল। ফলত জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে বিষয়টো গুৰুত্ব সহকাৰে লৈ জন্মৰ প্ৰমান পত্ৰখনৰ ওপৰত সন্দেহ প্ৰকাশ কৰি তদন্ত আৰম্ভ কৰিছে বুলি সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে মেৰাবিল অঞ্চলত নেহা শৰ্মাৰ পৰিয়ালৰ বৰ্তমান কোনো সম্পৰ্ক নাই। বহুদিনৰ আগতেই পৰিয়ালটো নইদালৈ স্থানান্তৰিত হৈছে। আৰক্ষীৰ লোকে গাওঁখনলৈ গৈ ৰাইজৰ লগত কথা পাতিছে যদিও গাওঁখনত পৰিয়ালটোৰ কোনো স্থিতি লাভ কৰা হোৱা নাই। ফলত মৃত মহিলাগৰাকী প্ৰকৃততে ওদালগুউৰিৰ বাসিন্দা আছিল নে তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে। মৃত নেহা শৰ্মাৰ মৃতদেহ নেপাললৈ নি শেষকৃত্য সম্পন্ন কৰা হব বুলি বৰ্তমান জানিব পৰা গৈছে।

অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি