newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰাজধানীৰ পৰা কিছু নিলগত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত সহ এগৰাকী ভাৰতীয় সহ ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, নেপালৰ চিতৱান জিলাত শুকুৰবাৰে আবেলি এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লাগে। বাছখন কাঠমাণ্ডুৰ পৰা পােখহাৰালৈ আহি আছিল।

ফলত ৭ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা লোকৰ ভিতৰত এজন ভাৰতীয় থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহত প্ৰায় ১২ গৰাকী লোকক হস্পিতালত ভৰ্তি কৰা হৈছে। ইয়াৰে ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।