নতুন দিল্লীঃ অমৃতসৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমনৰ দুদিন পাছতেই সন্ত্ৰাসৰ শংকাত ভোগিছে দেশৰ ৰাজধানী নতুন দিল্লী৷ জইছ-ই-মহম্মদৰ দুই সন্ত্ৰাসবাদীৰ দিল্লীত প্ৰৱেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

দিল্লী আৰক্ষীয়ে সন্দেহৰ ভিত্তিত দুই যুৱকৰ ফটো ৰাজহুৱাভাৱে সংবাদমাধ্যমত প্ৰকাশ কৰিছে৷ এই দুই যুৱকে কূটাঘাতৰ ষড়যন্ত্ৰ ৰচাৰ লগতে পাঞ্জাবৰ মাজেৰে গোপন পথেৰে দিল্লীত প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

গেষ্ট হাউছ, হোটেল, ৰাজহুৱা স্থান আদিত আপত্তিজনক সামগ্ৰীৰ সন্ধান পোৱাৰ লগে লগে আৰক্ষীক খবৰ দিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে বিদেশী লোকৰ সমাগম হোৱা স্থানত চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে৷

সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ তথ্যৰ পাছতেই মঙলবাৰে আৰক্ষীৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয় আৰু  সন্দেহজনক লোকৰ তথ্য লগে লগে আৰক্ষীক জনাবলৈ আহ্বান জনায়৷

আনুমানিক ২৫ নতুবা ৩০ বছৰীয়া যুৱক দুজনৰ ফটো বিজ্ঞাপন তথা সংবাদ মাধ্যমৰ জৰিয়তে ৰাজধানী চহৰ দিল্লীত সম্প্ৰচাৰ কৰা হৈছে৷ যুৱক দুজনৰ ফটোখনত ফিৰোজপুৰ আৰু দিল্লীৰ মাইল প'ষ্ট পৰিলক্ষিত কৰা হৈছে৷