ডিজিটেল ডেস্কঃ এবছৰৰ বিৰতিৰ পিছত বলিউড জগতলৈ পুনৰ উভটি আহিল বলীউডৰ ‘দেছী বয়জ’ জন আব্ৰাহম৷ শেহতীয় চিনেমা ‘ধিচুম’ত এজন পুলিচ অফিচাৰৰ ভূমিকাত অভিনয় কৰা জন আব্ৰাহামক এইবাৰ দৰ্শকে দেখিব আৰ্মি অফিচাৰৰ ৰূপত৷

১৯৯৮ চনত ৰাজস্থানৰ পোখৰাণত হোৱা সফল পৰমাণু পৰীক্ষণৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা এই ছবিখনৰ নাম ‘পৰমাণুঃ দ্য ষ্টৰী অৱ্ পোখৰাণ’৷ অলপতে ছবিখনৰ পোষ্টাৰ ৰিলিজ কৰা হয়৷

বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত চিৰিয়াচ ছবিখনত জন আব্ৰাহামৰ বিপৰীতে অভিনয় কৰা ডাইনা পেন্তীকো দেখা যাব এগৰাকী আৰ্মি অফিচাৰৰ ৰূপত৷ ছবিখন পৰিচালনা কৰিছে ‘তেৰে বিন লাডেন’, ‘দ্য চৌকিনচ’ৰ পৰিচালক অভিষেক শৰ্মাই৷

ছবিখনত জন আৰু ডাইনাৰ লগতে অভিনয় কৰিছে বোমান ইৰাণী, জাচাৰী কোফ্ফিন, মাৰ্ক বেনিংটন আদিয়ে৷ জন আব্ৰাহামৰ হোম প্ৰডাকশ্যনত নিৰ্মিত ছবিখন মুক্তিৰ তাৰিখ এই বছৰৰ ৮ ডিচেম্বৰ ঘোষণা কৰা হৈছে৷