গুৱাহাটীঃ বিমুদ্ৰাকৰণৰ পিছত  দেশত GST প্ৰচলন হয়। GST প্ৰচলন হোৱাৰ পিছৰে পৰা দেশৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাৰ অভিযোগ উত্থাপন হয়। দেশৰ ব্যৱসায়ী-ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত জড়িত লোকসকল ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছিল। 

দেশত GSTৰ প্ৰচলন হোৱাৰ পিছতে ব্যাপক সমস্যাত পৰিছিল হাজাৰ হাজাৰ লোক। ২০১৭ বৰ্ষৰ ১ জুলাইত আৰম্ভ কৰা GST-এ হাৰাশাস্তি কৰা বুলি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছিল। বহু পলমকৈ হলেও বিজেপি চৰকাৰে ব্যৱসায়ী তথা সাধাৰণ লোকক সকাহ দিবৰ বাবে চিন্তা-চিৰ্চা কৰিবলৈ বাধ্য হয়।

তৰা মাজতে শুকুৰবাৰে বিজেপি চৰকাৰে ভাল খবৰ দিলে দেশবাসীক৷ GST আৰম্ভ হোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে বৈঠক অনুষ্ঠিত কৰি আহিছিল৷ ২৩ সংখ্যক বৈঠকৰ পৰা হে আহিল আশাৰ ৰেঙনি৷ দেশৰ জনসাধাৰণৰ বহু ক্ষোভৰ অন্তত সুখবৰ দিলে উত্তৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা।

মহানগৰীত শুকুৰবাৰৰ পৰা ২ দিনৰ বাবে অনুষ্ঠিত হয় GST পৰিষদৰ বহু চৰ্চিত বৈঠক। বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত বৈঠকত শুকুৰবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলী উপস্থতি থাকে। শুকুৰবাৰে অৰুণ জেটলীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় GST পৰিষদৰ বৈঠক। বৈঠকত দেশৰ ২৪ খন ৰাজ্যৰ বিত্তমন্ত্ৰী উপস্থিত থাকে।

দেশৰ সাধাৰণৰ জনতাৰ বহু প্ৰতিবাদৰ অন্তত জিএছটিৰ ক্ষেত্ৰত শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত ২৩ সংখ্যক বৈঠকত অৰুণ জেটলীৰ অধ্যক্ষতাৰ সমিতিয়ে ল’লে ঐতিহাসিক ৰায়৷ বৰ্তমানে মুঠ ২২৭ বিধ সামগ্ৰীৰ ওপৰত থকা GST কমাই মাত্ৰ ৫০ বিধ সামগ্ৰীৰ ওপৰত হে বাহাল ৰাখে এই কৰ৷দেশৰ কেইবাখনো ৰাজ্যৰ বহু বিষয়া তথা ৰাজ্য চৰকাৰৰ বহু বিষয়াৰ উপস্থিতিত মহত্বপুৰ্ণ বৈঠক খনতেই বহু প্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰে৷ সামগ্ৰী সমুহৰ বিতং তথ্য এনেধৰণৰ

♦২৮ৰ পৰা ১৮%লৈ হ্ৰাস♦
♦♦অগ্নিনিৰ্বাপক সামগ্ৰী, ঘড়ী, হাত ঘড়ী, ব্লেড, ৰেজৰ, ষ্টভ কুকাৰকে ধৰি অবৈদ্যুতিক ঘৰুৱা আহিলা, মেট্ৰেছ, ফাৰ্নিচাৰ,বেডিং,ট্ৰাংক, চুটকেছ, ভেনিটি বেগ, ট্ৰেভেলিং বেগ, অন্যান্য হেণ্ড বেগ, ডিটাৰজেন্ট, ৱেচিং পাউদাৰ, কাপোৰ ধোৱা সামগ্ৰী, ইলেক্টিক প্লাগ, ছুইটছ, কনেক্টৰেট, ৱায়াৰ, কেৱলছ আদিকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী ইলেক্ট্ৰিকেল বোৰ্ড, পেনেল, কনচল, কেবিনেট, ফাইবাৰ বৰ্ড, প্লাইউড, কাঠৰ ফ্ৰেম, পেভিংক ব্লক, চালত ব্যবহৃত লিকুইড আৰু ক্ৰিম, ছেম্পু, হেয়াৰ ক্ৰিম, হেয়াৰ ডাই, হেনা পাউদাৰ আৰু পেষ্ট, দাঢ়ি খুৰোৱী ক্ৰীম আদি, ডিউডৰেন্ট, স্নান সামগ্ৰী, পাৰফিউম, সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী, ফেন, পাম্প, কম্প্ৰেছৰ, লেম্প, লাইট স্কিটিং, বেটেৰি(ক্ষুদ্ৰ), চেনেটেৰী আৰু আনুষাংগিক সামগ্ৰী, প্লাষ্টিকেৰে নিৰ্মিত ফ্ল’ৰ কভাৰিং, বাথটাব কভাৰিং, বাথ টাব, চাৱাৰ, চিংক, ৱাশ্ব বেছিং, গ্ৰেনাইট আৰু মাৰ্বলৰ শ্লেব, টাইলছকে ধৰি গ্ৰেনাইট সামগ্ৰী, সকলোধৰণৰ চিৰামিক টাইলছ, ভেকুৱাম ফ্লাইকছ আনুষংগিক সামগ্ৰী, পোহনীয়া জন্তুৰ পিন্ধোৱা সামগ্ৰী, মাল্টিফাংচনেল প্ৰিন্টাৰ, কাট্ৰিজ, কাৰ্যালয়ত ব্যবহৃত সামগ্ৰী, দুৱাৰ খিৰিকিৰ ফ্ৰেম, ব’ৰ্ড-শ্লিটৰ দৰে প্লাষ্টিকৰ সামগ্ৰী, শল, কংক্ৰিত, চিমেন্টৰ সামগ্ৰী, এছফাল্ট আৰু শ্লেটৰ সামগ্ৰী, মাইকাৰ সামগ্ৰী, চিৰামিক ফ্লৰিং ব্লক, পাইপ ফিটচিং, ৱাল পেপাৰ, ৱাল কভাৰিং, সকলো ধৰণৰ আইনা, ছেফটি গ্লাছ, গ্লাছৰ সকলো ধৰণৰ সামগ্ৰী, বুলডজাৰ, এক্সকেভেটৰ, লোডাৰ, ৰোড ৰোলাৰ, আৰ্থ ম’ভিং, লেভেলিং মেচিনাৰী, কুলিং টাৱাৰ, প্ৰচাৰ ভেচেল ৰিয়েক্টৰ, চিলাই মেচিনৰ ক্ৰেনছেফট, টেইলৰৰ ডামি, বিয়েৰিং, হাউচিংছ, গিনেৰেছ আৰু গিয়েৰিং, ৰোলীৰ ক্ৰু, গাছকেট, ৰেডিঅ’ আৰু টেলিভিছনৰ সম্প্ৰচীৰত ব্যবহৃত বৈদ্যুতিক আহিলা, ছাউণ্ড ৰেকৰ্ডিং, ৰিপ্ৰডিউচিং আহিলা, যান বাহনৰ ছিগনেলিং, সুৰক্ষা, ট্ৰেফিক নিয়ন্ত্ৰণৰ আহিলা, শৰীৰ চৰ্চা আহিলা, উৎসৱত ব্যবহৃত সামগ্ৰী, জিমনাষ্টিক আৰু ক্ৰীয়া সামগ্ৰী, শ্বুটিং গেলেৰী, সকলো বৈদ্য যন্ত্ৰ আৰু অংশ, কৃতিম ফুল, কৃতিম ফল-মূল, আতচবাজিৰ সামগ্ৰী, ককোৱা বাটাৰ, ফেট অইল পাউদাৰ, কফ্ৰ পৰা আহৰিত সামগ্ৰী, খাদ্য প্ৰস্তুতৰ সামগ্ৰী, চকলেট, চুইংগাম, বাবুল গাম, ময়দা-মল্টৰ পৰা আহৰিত উপাদান, ৱাফলছ চকলেটৰ সৈতে ৱাফাৰ কোৰ্টেট, ৰাবাৰ টিউব আৰি ৰাবাৰৰ অন্যান্য সামগ্ৰী, গাগসছ, ৱাইন’কুলাৰ, টেলিস্কোপ, চিনেমাটেগ্ৰাফিক কেমেৰা, পেৰজেক্টৰ, ইমেজ প্ৰজক্টৰ , মাইস্কোপ, বিশেষ লেব’ৰেটৰী সামগ্ৰী, ছলভেল্ট থিনাৰ, হাইড্প’লিক ফ্লইড, এন্টি ফ্ৰিজিং সামগ্ৰী৷

♦♦১৮ ৰ পৰা ১২% লৈ হ্ৰাস♦♦
পেষ্টা, মৰাপাট, কপাহী কাপোৰৰ বেগ, ডায়েবেটিক খাদ্য, কনডেন্স মিল্ক, পৰিষোধিত চেনি আৰু চুগাৰ কিউব, বিভিন্ন ধৰণৰ চালাডত ব্যবহৃত সামগ্ৰী, ওষধি পৰ্যায়ৰ অক্সিজেন, ছপা চিয়াঁহী, গোঠা আৰু বোৱা টুপি, কৃষি উদ্যানশস্য, অৰণ্যত ব্যবহৃত কেতবোৰ মেচিন, চিলাই মেচিনৰ কেতবোৰ বিশেষ অংশ, চছমাৰ ফ্ৰেম, বাহ বা বেটেৰে নিৰ্মিত ফাৰ্নিচাৰ, ৱেট গ্ৰাইণ্ডাৰ( ষ্টন গ্ৰাইণ্ডাৰ), টেংক বা অন্যান্য সমৰাস্ত্ৰ  

♦♦১৮ ৰ পৰা ৫% লৈ♦♦
মুৰী, চিক্কি, খাজা, কাজুৱালী, কুলিয়া, ব্ৰেণ্ডযুক্ত আলুৰ ময়দা, চাটনি পাউদাৰ, ফ্লাই এছ, খাৰুৱা তেল শোধনত পোৱা ছালফাৰ, ৯০% বা অধিক পৰিমাণৰ ছাইযুক্ত এছ,

♦♦১২%ৰ পৰা ৫%লৈ♦♦
লাৰিকল সাহ, কপাহী সূতাৰ সৰু বস্ত্ৰ, ইডলী-ডোছা, বাটাৰ, পৰিশোধিত চামৰা, লাৰিকলৰ আঁহ, মৰাপাটৰ প্ৰস্তুত সামগ্ৰী, মাছমৰা জাল, উৱলা বস্ত্ৰ, ফ্লাই এচ ইটা

♦♦৫%ৰ পৰা কৰ লোপ♦♦
পশু খাদ্য, হপকৰ্ন, কেতবোৰ শুকান পাচলি, নাৰিকলৰ খোলা, ব্ৰেণ্ড নথকা বৰফত থকা আৰু শুকান মাছ, অপৰিশোধিত চেনি

আনহাতে, বিমানৰ ইঞ্জিনৰ জি এছ টি ২৮%ৰ পৰা ৫%লৈ, বিমানৰ টায়াৰ আৰু বিমানৰ আসনতো ২৮% ৰ পৰা ৫%লৈ হ্ৰাস, লাহ-সাগৰীয় শামুকৰ খোলাৰ পৰা খাৰুৰ জি এচ টি ৫%  ৰ পৰা কৰ শূন্য ঘোষনা কৰে। সেৱা কৰ হ্ৰাস/বিলুপ্তি কৰি সকলো এচি, অনা এচি হোটিলত জি এছ টি ৫%লৈ হ্ৰাস, আউটড’ৰ কেটাৰিঙত ১৮% জিএছটি অব্যাহত থাকিব, সুৰক্ষিত ঐতিহাসিক স্থানৰ সেৱাত জি এছ টি ৰেহাই কৰে। ২৮% জিএছটি অব্যাহত থাকিব চিমেন্ট, পেইন্ট(ৰং), ৱাচিং মেচিন, এয়াৰ কণ্ডিচনাৰ, চিগৰেটকে ধৰি বিধ সামগ্ৰীত

উল্লেখযোগ্য যে, গুৱাহাটীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক বৈঠকৰ পিছত GST-ৰ পৰৱৰ্তী বৈঠকখন হ’ব অহা জানুৱাৰী মাহত৷