zeenews
zeenews

ডিজিটেল ডেস্কঃ কহুৱা আৰু শেৱালিৰ শুভ্ৰতা বুকুত বান্ধি শৰত এতিয়া দুৱাৰদলিত৷ শৰতৰ মধুৰ আৱেশে চুমিছে গোটেই পৃথিৱী৷ তাতে আকৌ শৰতৰ বুকুত প্ৰাণ ঢালি শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ’ল আজিৰে পৰা৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দুৰ্গতিনাশিনীক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ জাক জমকতা আৰু অসংখ্য ভক্তৰ সমাগমৰ মাজেৰে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ৷

শাৰদীয় দুৰ্গোৎসৱৰ উচাহে বুৰাইছে কংক্ৰীটৰ মহানগৰখনকো৷ মহানগৰৰ শান্তিপুৰ, লতাশিল, গনেশগুৰি আদিকে ধৰি বিভিন্ন প্ৰান্তত ধুম-ধামেৰে মা দুৰ্গাক আদৰি অনা হৈছে৷ আনহাতে শাৰদীয় দুৰ্গোৎসৱত ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে দুৰ্গাপূজাৰ সময় কেইদিন মহানগৰ যাতায়তত সালনি কৰিছে৷

মহানগৰ প্ৰশাসনে পূজাৰ দিন কেইটাত দিনৰ ১ বজাৰ পৰা ৪ বজালৈ মহানগৰৰ ভিতৰত মালবাহী গাড়ীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি পুৱা ৪ বজাৰ পৰা ৭ বজাৰ ভিতৰত হে গধুৰ মালবাহী গাড়ী প্ৰৱেশ কৰিব পাৰিব৷ আনহাতে দিনৰ দুই বজালৈ প্ৰৱেশ কৰিব পাৰিব সৰু সালবাহী গাড়ীসমূহ৷

চিটিবাছ চলাচলৰ ক্ষেত্ৰতো নিৰ্দেশ জাৰি কৰিছে মহানগৰ প্ৰশাসনে৷ দুৰ্গোৎসৱ উপলক্ষ্যে যান-জঁট সৃষ্টি হোৱাৰ আশংকা কৰি গণেশগুৰি, মালিগাঁও আৰু ভৰলুমুখত চিটিবাছৰ পথ সলনি কৰিছে প্ৰশাসনে৷ আনহাতে শৰতৰ উল্লাসিত ৰঙ ঢালি প্ৰাণময় হৈ উঠা শাৰদীয় দুৰ্গোৎসৱটি শান্তি-সম্প্ৰীতিৰে পালন কৰিবলৈ সকলোকে আহ্ৱান জনাইছে মহানগৰ প্ৰশাসনে৷