Quora
Quora

ডিজিটেল ডেস্কঃ পশ্চিমীয়া সাজপাৰৰ লগতে আমাৰ বাবে জনপ্ৰিয় হৈ পৰিছে পশ্চিমীয়া খাদ্যভাস৷ থলুৱা খাদ্যৰ জুতি পাহৰি আমি আকোঁৱালি লৈছো পশ্চিমীয়া খাদ্য৷ ইয়াৰে যেন সুযোগ গ্ৰহণ কৰি পিজ্জা হাট ইণ্ডিয়াই ল’লে এক বৃহৎ পৰিকল্পনা৷

মুম্বাইত এখনি সংবাদ মেলত প্ৰখ্যাত য়ুম ব্ৰেণ্ডছৰ মালকালাত থকা পিজ্জা চেইন পিজ্জা হাট ইণ্ডিয়াই অহা ২০২২ চনৰ ভিতৰত ইয়াৰ মুঠ বিপণীৰ সংখ্যা বৃদ্ধি কৰিব ৭০০ খনলৈ৷ 

মূলতঃ ভাৰতত পশ্চিমীয়া খাদ্যৰ জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পৰিকল্পনা হাতত লয় পিজ্জা হাট ইণ্ডিয়াই৷ জানিব পৰা মতে, এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ পৰিচালক সঞ্চালক উন্নত বৰ্মাই কয় যে দীৰ্ঘকালীন সময়ছোৱাত প্ৰতিষ্ঠানটোৰ বাবে ভাৰতৰ বজাৰখন অন্যতম বৃহৎ বজাৰ হিচাপে পৰিগণিত হ’ব৷ 

সেই উদ্দেশ্যে ভাৰতত বিপণীৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে৷ উল্লেখ্য যে, সম্প্ৰতি প্ৰতিষ্ঠানটোৱে দেশৰ ১০০ খন চহৰত ৩৬০ খনতকৈও অধিক বিপণীৰে ব্যৱসায় চলাই আছে৷