মঙলদৈঃ যোৱা কেবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত হৈ আছে এজন যুৱক৷ সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ বাবেও সাজু হৈছে৷

তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱকগৰাকীৰ দ্বিতীয়টো অডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত দৰং জিলাৰ উদিয়মান কন্ঠশিল্পী যুগল কিশোৰে উপহাৰ দিছে ‘সাগৰনীলা’ নামেৰ এটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰে "তোমাক দেখিলেই মোৰ বুকু কপি উঠে, এশ এবুৰি সপোনে কৰে হেচা-ঠেলা" শীৰ্ষক গীতটো ইতিমধ্যে মুকলি হৈছে৷

যুগল কিশোৰে কন্ঠদান কৰা গীতটোৰ গানৰ কথা ঋষিপদ চহৰীয়াৰ আৰু সংগীত ব্যৱস্থাপনা কৰে মনিন বৰুৱাই। পুজাৰ বতৰত বিশেষ উপহাৰ হিচাপে ৰাইজৰ মাজত মুকলি কৰা গীতটোৱে সমাদৰ লাভ কৰাত আনন্দিত হৈ পৰিছে যুগল৷ চাউণ্ড এণ্ড ইমাজিন প্ৰডাকচনৰ বেনাৰত মুক্তি লাভ গানটোৰ জৰিয়তে সংগীতৰ জগতত খোজ পেলায় যুগলে। কন্ঠশিল্পী যুগলে সাধনাৰ জৰিয়তে ভৱিষ্যতে সংগীতৰ জগতত সফল হোৱাৰ আশা পুহি ৰাখিছে৷