গুৱাহাটীঃ ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনৰ সমান্তৰালকৈ চৰ্চিত হৈ পৰিছে মাওবাদ প্ৰসংগ৷ শেহতীয়াকৈ মাওবাদীৰে জড়িত থকাৰ সন্দেহত ‘কা' বিৰোধী আন্দোলনত ছাত্ৰ সমাজক নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-ই দিয়া চমনে ছাত্ৰ সমাজৰ লগতে বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বহুতেই এতিয়া প্ৰশ্ন কৰিছে যে জেএনইউ, জামিয়া-মিলিয়া, যাদৱপুৰ বিশ্ববিদ্যালয়কে আদি কৰি দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পিছত এইবাৰ অসম তথা উত্তৰ-পূবৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ো চৰকাৰী ৰোষত পৰিছে নেকি?

প্ৰাঞ্জল কলিতালৈ কিয় চমন জাৰি কৰিছে NIA-ই?

যোৱা বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰাঞ্জল কলিতালৈ NIA-ই চমন জাৰি কৰে৷ মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত NIA-ই জাৰি কৰা চমন সন্দৰ্ভত চৰ্চা চলে সকলোতে৷ জানিব পৰা মতে, ২০০৯চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৰুজু কৰা গোচৰৰ সাক্ষী দিবলৈ প্ৰাঞ্জল কলিতালৈ চমন জাৰি কৰে NIA-ই৷ এই চমন জাৰি কৰি বৃহস্পতিবাৰৰ দিনৰ ১১ বজাত অনুসন্ধানকাৰী সংস্থাটোৰ সোণাপুৰস্থিত কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে ছাত্ৰ নেতাজনক৷ 

সোণাপুৰৰ এনআইএৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ প্ৰায় ৬ ঘন্টা ধৰি জেৰা চলাই প্ৰাঞ্জল কলিতাক৷ জেৰাৰ অন্তত NIA-ৰ কাৰ্যালয়ৰ পৰা ওলাই আহি ছাত্ৰ নেতাজনে কয়, ‘অখিল গগৈক জেৰা কৰা গোচৰতে মোকো জেৰা কৰিছে৷ এনআইএ মাওবাদী সন্দৰ্ভত কোনো প্ৰমাণ দিব পৰা নাই, সেই বাবে আমাৰ দৰে ছাত্ৰসকলক বলিৰ পঠা সজাব বিচাৰিছে৷ আমি কেতিয়াও ভয় নাখাও৷ আমি ঐক্যৱদ্ধভাৱে সংগ্ৰাম চলাই যাম৷’

উল্লেখ্য যে, ২০০৯ চনৰ পৰা মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ২০১৯ চনত ৰুজু কৰিছিল এটি গোচৰ৷ উক্ত গোচৰৰ ভিত্তত ২০১৯ চনৰ ১৬ ডিচেম্বৰত NIA-ই যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে কৃষক নেতাজনক৷ 

অখিল গগৈৰ সৈতে প্ৰাঞ্জলৰ সম্পৰ্ক

২০০৯ চনৰ পৰা মাওবাদীৰ সৈতে সম্পৰ্ক থকা সন্দেহত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সাক্ষী হিচাপে ছাত্ৰ নেতাজনলৈ জাৰি কৰা চমনে আচৰিত কৰি তুলিছে সকলোকে৷ যি সময়ত অখিল গগৈ মাওবাদীৰ সৈতে জড়িত থকা বুলি আৰক্ষী তথা অনুসন্ধানকাৰী সংস্থাটোৱে সন্দেহ প্ৰকাশ কৰি সাক্ষী দিবলৈ প্ৰাঞ্জলক চমন জাৰি কৰিছে সেই সময়ত প্ৰাঞ্জলৰ বয়স আছিল মাত্ৰ ১০-১১ বছৰ৷ অৰ্থাৎ প্ৰাঞ্জল তেতিয়া ষষ্ঠ-সপ্তম শ্ৰেণীৰ ছাত্ৰ৷  

১৯৯৮ চনত জন্ম গ্ৰহণ কৰা প্ৰাঞ্জল কলিতাই কটন বিশ্ববিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰে আৰু সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদন্দ্বিতা আগবঢ়াই জয়ী হয়৷ তেতিয়াৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতাসকলৰ লগতে অখিল গগৈৰ সৈতেও ঘনিষ্ঠতা বাঢ়ে প্ৰাঞ্জলৰ৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

বহুতে কৃষক মুক্তি সংগ্ৰাম সমিতিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিভাৱক হিচাপে গণ্য কৰে৷ ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠন কৰা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। অখিল গগৈৰ নেতৃত্বত চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত সংঘটিত হৰলুকী উদ্ঘাটন, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ ৰূপায়ণত সংঘটিত অনিয়মৰ প্ৰতিবাদ, কৃষকৰ ভূমিৰ অধিকাৰ ৰক্ষা, চৰকাৰী আৰু কৰ্প’ৰেট ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, তথ্য জনাৰ অধিকাৰ আইনৰ ৰূপায়ণ আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিকভাৱে সংবেদনশীল ভংগুৰ অঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতা আদি ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে প্ৰশ্ন কৰি আহিছে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি গঠনৰ ঠিক ৭ বছৰ পিছত অৰ্থাৎ ২০১২ চনৰ ২২ আগষ্টত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হৈছিল এক বিশাল ছাত্ৰ সমাৱেশ৷ এই সমাৱেশতে সংকীৰ্ণ উগ্ৰ জাতীয়তাবাদ, গোষ্ঠীবাদ আৰু সাম্প্ৰদায়িকতাবাদ ওফৰাই অন্ধবিশ্বাসমুক্ত, বিজ্ঞানসম্মত, মানৱীয় গুণেৰে পৰিপূৰ্ণ এখন নতুন সমাজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বৌদ্ধিক আৰু প্ৰগতিশীল চিন্তা-ধাৰণা থকা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অতি কম সময়ৰ ভিতৰতে এই সংগঠনটোৱে লাভ কৰে ৰাজ্যখনৰ এটি অন্যতম ছাত্ৰ সংগঠনৰ মৰ্যাদা৷ 

মাওবাদনো কি?

চীনৰ মাও চে তুঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ২০০৪ চনৰ ২১ ছেপ্টেম্বৰত ভাৰতীয় মাওবাদী কমিউনিষ্ট চেন্টাৰ( MCCI) আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সবাদী-লেনিন বাদী) মিলিতহৈ গঠিত হৈছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মাওবাদী৷ সেই একে বছৰৰ ১৪ অক্টোবৰত আনুষ্ঠানিকভাৱে সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰে আৰু এই সংগঠনটোৰ নেতৃত্ব বহন কৰে মুপ্পালা লক্ষ্মণ ৰাওৱে৷ 

১৯৬৭ চনত নক্সালবাড়ি নামৰ ঠাইখনত সংঘটিত হোৱা এক আন্দোলনৰ পৰিপেক্ষিতত এই সংগঠনৰ সদস্যসকল নক্সালবাদী হিচাপে পৰিচিত হৈ পৰে৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মাওবাদী গঠন হৈ এই আন্দোলনক নতুন মাত্ৰা দিয়াৰ সম্ভাৱনালৈ চাই ২০০৯ চনত বে-আইনী কাৰ্যকলাপ(প্ৰতিৰোধ) আইনৰ অধীনত চিপিআই(মাওবাদী)ক সন্ত্ৰাসবাদী সংগঠন আখ্যা দি নিষিদ্ধ ঘোষণা কৰে ইউপিএ চৰকাৰে৷ নিষিদ্ধ ঘোষণা কৰিলেও পশ্চিমবংগ, ওড়িশা, চত্তিছগড়, ঝাৰখণ্ড, বিহাৰ আদি ৰাজ্যৰ জনজাতি অধ্যুষিত অধিকাংশ ঠাইত এতিয়াও মাওবাদী কাৰ্যকলাপ সংঘটিত হৈ আহিছে৷ অসমতো সময়ে সময়ে চেগা-চোৰোগাকৈ এনে কাৰ্যকলাপ সংঘটিত হৈ অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিলেও উল্লিখিত ৰাজ্যকেইখনৰ দৰেকৈ স্পষ্ট প্ৰভাৱ দেখা পোৱা হোৱা নাই৷

মাও চে তুঙৰ আদৰ্শত বিশ্বাসীসকলৰ মতে ভাৰত ৰাষ্ট্ৰ সম্ৰাজ্যবাদী, সামন্তবাদী প্ৰভুসকলৰ সহযোগিতাত পৰিচালিত হয়৷ তেওঁলোকে উগ্ৰবাদক বিশ্বাস কৰাৰ লগতে গণযুদ্ধক সমৰ্থন কৰে৷ তেওঁলোকৰ শেষ উদেশ্য এক নতুন গণতান্ত্ৰিক বিপ্লৱৰ মাজেৰে ভাৰতত সমাজবাদৰ আৰ্হিত জনতাৰ চৰকাৰ বা জনগণৰ চৰকাৰ প্ৰতিষ্ঠা কৰা৷

মাওবাদী সন্দেহত আৰু কাক কাক গ্ৰেপ্তাৰ কৰিছে?

জাতিধ্বংসী 'কা’ বিৰোধী আন্দোলনৰ সময়তে এনআইএয়ে অখিল গগৈক  মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত  গ্ৰেপ্তাৰ কৰাৰ  পাছতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকো একেই সন্দেহত গ্ৰেপ্তাৰ কৰে ৷ শেহতীয়াকৈ এই সন্দৰ্ভত চমন জাৰি কৰিছে  আইআইটিৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক। ইয়াৰ পিছতে কটনৰ  প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাক অখিল গগৈৰ গোচৰত সাক্ষী দিবলৈ NIA-ই চমন জাৰি কৰা ঘটনাই সকলোকে হতচকিত কৰি তুলিছে।

প্ৰাপ্ত বাতৰি মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীকে আদি কৰি উজনি অসমৰ কেবাখনো ঠাইত 'কা' বিৰোধী আন্দোলন অধিক সক্ৰিয় কৰি তুলিবলৈ হাতে-কামে লাগি পৰিছে বিশ্ববিদ্যালয় ছাত্ৰ সমাজ। বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ এই পৰিকল্পনাত আৰম্ভণিৰে মুখ্য ভূমিকা পালন কৰি আহিছে প্ৰাঞ্জল কলিতাই। একেদৰে গুৱাহাটীৰ জনতা ভৱন চলো কাৰ্যসূচী ৰূপায়ণতো প্ৰাঞ্জলেই আগভাগ লৈছিল বুলি দাবী কৰা দেখা গৈছে শাসকীয় পক্ষৰ কেবাজনো মন্ত্ৰী-বিধায়ক তথা অন্যান্য নেতাই।

এনে পৰিপ্ৰেক্ষিততে প্ৰাঞ্জলৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিবলৈ NIA-ক ব্যৱহাৰ কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আজি NIA-ৰ কাৰ্যালয়ৰ পৰা ওলায়েই NNOৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰাঞ্জলে কয় যে শাসক পক্ষই যিমানেই ভয়-ভাবুকি প্ৰদান নকৰক কিয় সেইবোৰৰ ওচৰত সেও নামানি তেওঁলোকে আন্দোলন আৰু সংগ্ৰাম অব্যাহত ৰাখিবই।