নাইজেৰিয়াৰ মছজিদত বোকো হাৰামৰ আক্ৰমণ, নিহত ১১

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে নাইজেৰিয়াৰ মছজিদত আক্ৰমণ সংঘটিত কৰি ১১ গৰাকী লোকক হত্যা কৰে৷ উত্ত-পূৱ নাইজেৰিয়াৰ এটা মছজিদত পুৱাই নামাজ পঢ়ি থকা অৱস্থাত বকোহাৰামৰ এটা দলে আক্ৰমণ চলাই৷ এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে পুৱাই৷

নাইজেৰিয়াৰ বৰণোৰ গামবৰু চহৰত সংঘটিত হৈছে এই ঘটনা৷ বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত মছজিদত প্ৰায় ১১ গৰাকী লোকে নামাজ পঢ়ি আছিল৷

ঘটনাত থিতাতে মৃত্যু হয় প্ৰায় ১১গৰাকী লোকৰ৷ বোমাৰে আক্ৰমণ কৰিছিল বোকো হাৰাম নামৰ উগ্ৰপন্থী সংগঠনটোৱে৷ আক্ৰমণ ইমানে ভয়াবহ আছিল যে, আক্ৰমণৰ ফলত মছজিদৰ দেৱাল সমূহ খহি পৰিছিল৷ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে বোকো হাৰামে৷