ডিজিটেল ডেস্কঃ ‘‘মেৰে পাচ বংলা হ্যে, গাড়ী হ্যে... তুমহাৰে পাচ ক্যা হ্যে?... মেৰে পাচ ‘মা’ হ্যে...’’ বলীউডৰ এই জনপ্ৰিয় ডায়লগটো কোন খন চিনেমাৰ ধৰিব পাৰিছেনে? হয়, থিকেই ধৰিছে৷ চুপাৰহিত ছবি দীৱাৰৰ এই ডায়লগটো কোনে পাহৰিব পাৰে৷ অমিতাভ বচ্চন আৰু শশী কাপুৰৰ মাজৰ এই সংলাপটোৱে এতিয়াও প্ৰতিজন চিত্ৰপ্ৰেমীৰ মুখে মুখে শুনিবলৈ পোৱা যায়৷ সংলাপটোত যি গৰাকী মাৰ কথা শশী কাপুৰে উল্লেখ কৰিছে, তেওঁ হৈছে জনপ্ৰিয় অভিনেত্ৰী নিৰূপা ৰয়৷ 

বলীউড জগতৰ সকলোতকৈ জনপ্ৰিয় ‘মা’ নিৰূপা ৰয়ৰ ২০০৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল৷ ১৫ বছৰৰ পৰা অভিনয় আৰম্ভ কৰা নিৰুপা ৰয়ে বহু কেইখন ছবিত অভিনয় কৰিছে৷ তেওঁ কেইবাখনো ছবিত মূখ্য ভূমিকাত অভিনয় কৰিছে যদিও বলীউডৰ সৰ্বশ্ৰেষ্ঠ মাতৃৰ ভূমিকাত অভিনয় কৰা হিচাপেই আজিও মানুহে তেঁওক স্মৰণ কৰে৷

‘মা’ খ্যাত নিৰূপাৰ প্ৰকৃত নাম আছিল কোকিলা৷ ১৯৩১ চনৰ ৪ জানুৱাৰীত গুজৰাটৰ বলচাদ নামৰ গাঁও এখনত জন্ম হৈছিল তেওঁৰ৷ মাত্ৰ চতুৰ্থ শ্ৰেণীলৈ শিক্ষা লাভ কৰা নিৰূপাৰ বিয়া হৈছিল মুম্বাইৰ ৰাশনিংগ বিভাগত কাম কৰা কমল ৰায়ৰ সৈতে৷ বিবাহৰ পাছত তেওঁ স্বামীৰ সতে মুম্বাইলৈ গুচি আহি স্থায়ী ভাৱে থাকিবলৈ লয়৷ 

নিৰূপাই অভিনেত্ৰী হিচাপে কেৰিয়াৰৰ পাটনি মেলে ১৯৪৬ চনত মুক্তি পোৱা গুজৰাটী বোলছবি ‘গণসুন্দৰী’ৰ যোগেদি৷ তাৰ পাছত ১৯৪৯ চনত মুক্তি পোৱা ‘হমাৰী মঞ্জিল’ চিনেমা খনৰ যোগেদি ভৰি দিয়ে হিন্দী ছবি জগতত৷ ইয়াৰ পিছত আৰু উভটি চাবলগা হোৱা নাই নিৰূপাই৷ গৰিবী’, দো বিঘা জমীন’ আদি ছবিত অভিনয় কৰি নিৰুপা ৰায়ে নিজৰ অভিনয় দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয়৷ 

১৯৫৩ চনত ‘দো বিঘা জমিন’ বোলছবি খনত কৰা দক্ষ অভিনয়ৰ বাবে ইন্টাৰনেশ্যনেল এৱাৰ্ড লাভ কৰে৷ ১৯৫৫ চনৰ ‘মুনীম জী’ বোলছবি খনত দেবানন্দৰ মাকৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ট সহ অভিনেত্ৰীৰ ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰে৷ ইয়াৰ পাছতেই নিৰুপা ৰয়ক বলীউডৰ শ্ৰেষ্ঠ ‘মা’ চৰিত্ৰত অভিনয়কাৰী অভিনেত্ৰী হিচাপে সকলোৰে মাজত পৰিচিতি লাভ কৰে৷ 

কিন্তু ইয়াৰ পিছৰ ছয় বছৰলৈ নিৰূপাই ‘মা’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ অমান্তি হয়৷ ‘ৰাজা আৰু ৰংক’ চিনেমা খনৰ প্ৰসিদ্ধ ‘তু কিতনী অচ্ছী হে, তু কিতনী ভোলী হে’ গীতটো নিৰূপা ৰয়ৰ ওপৰতে বনোৱা হৈছিল৷ নিৰূপা ৰয় যদিও বহুতো অভিনেতা অভিনেত্ৰীৰ মা হৈছিল, কিন্তু তেওঁক প্ৰধানকৈ অমিতাভৰ মা হিছাপে হে সকলোৱে মনত কৰে৷ 

‘দীৱাৰ’ৰ লগতে ‘খুন পচীনা’, ‘মুকদ্দৰ কা চিকন্দৰ’, ‘অমৰ অকবৰ এন্থনী’, ‘চুহাগ’, ‘ইংকলাব’, ‘গিৰফ্তাৰ’, ‘মৰ্দ’, আৰু ‘গংগা যমুনা সৰস্বতী’ আদি চিনেমাত অমিতাভ আৰু নিৰূপাৰ এই মা পুত্ৰৰ বলিষ্ঠ অভিনয় দেখা পোৱা গৈছিল৷ ১৯৯৯ চনত মুক্তি পোৱা ‘লাল বাদশাহ’ ছবিখন নিৰূপা ৰয়ৰ জীৱনৰ মা-পুত্ৰৰ অভিনয়ৰ অন্তিম খন বোলছবি আছিল৷ পাঁচ দশক জোৰা অভিনয় জীৱনত নিৰূপাই ৩০০ৰো অধিক বোলছবিত কাম কৰিছে৷