ফেক্ট চেকঃ টিকটকৰ এটি ভিডিঅ’। পিছত সেই ভিডিঅ’টো ফেচবুকৰ লগতে আন একাধিক ছ’চিয়েল মিডিয়াত ভিন্ন ৰূপত ভাইৰেল হৈ পৰে। কোনোৱে যদি লিখি বৰ্ণনা কৰিছে, কোনোৱে আকৌ ফটো আকাৰে পোষ্ট কৰিছে। হিন্দী, ইংৰাজীকে আদি কৰি প্ৰায় সকলো ভাষাতে ভাইৰেল হৈ পৰিছে টিকটকৰ ভিডিঅ’টোৰ চমু বৰ্ণনাত্মক ৰূপ।

অসমতো হাজাৰ হাজাৰ লোকে ফেচবুকত আপলোড কৰা দেখা গৈছে ভাইৰেল টিকটক ভিডিঅ’টোৰ ওপৰত আধাৰিত পোষ্টটো। কিন্তু কি এই পোষ্ট? এনেও হ’ব পাৰে যে পোষ্টটো আপুনিও শ্বেয়াৰ কৰিছে। ভাইৰেল পোষ্টবোৰ সাধাৰণতে সমাজত বিষবাষ্প বিয়পোৱা ধৰণৰ হয়। পিছে এই পোষ্টটোৱে আকৌ সমাজলৈ সুন্দৰ বাৰ্তা এটাহে লৈ গৈছে। বাৰ্তা সুন্দৰেই হওক বা ভয়াৱহ হওক, যেতিয়া সেয়া অসত্য হয় তেন্তে তেনে বাৰ্তাক ভাল বুলিব নোৱাৰি।

আপুনি অথবা আপোনাৰ বন্ধুবৰ্গই শ্বেয়াৰ কৰা সুন্দৰ অথচ ভয়ংকৰ এই ভাইৰেল বাৰ্তাটো তলত উল্লেখ কৰা হ’লঃ

''কেতিয়াবা কিছুমান কথাই মোৰ শৰীৰ আৰু বিবেকক জোকাৰি যায়। আপোনালোকৰ আগত সেয়েহে শ্বেয়াৰ কৰিলো। মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খানে অলপতে সৰু গাড়ী এখনত অতি দুখীয়া মানুহৰ বাবে প্ৰায় ৫০০ কেজি আটা ১ কেজি ১ কেজিৰ পেকেট কৰি পঠালে। লগে লগে তেওঁ জনাই দিলে যে যিসকল দুখীয়া মানুহৰ প্ৰয়োজন তেওঁলোকে এই ১ কেজিৰ পেকেট গাড়ীখনৰ পৰা সংগ্ৰহ কৰক। 

১ কেজিহে আটা। বহুতেই আনিবলৈ নগ’ল। কিন্তু অত্যন্ত দুখীয়াবোৰে গৈ সেই ১ কেজি আটাকে শাৰী পাতি সংগ্ৰহ কৰিলেগৈ। দুখীয়া এজনৰ এসাঁজৰ বাবে সেয়াই বহুত। সেয়ে ঘৰলৈ গৈয়েই ৰুটি বনাবলৈ পেকেট খুলিলে। পিছে সেই ১ কেজি আটাৰ লগত কি পালে জানেনে? নগদ ১৫০০ টকা। মানে লকডাউনৰ ৩ মাহৰ খোৰাকি। প্ৰকৃত দুখীয়াসকলক সহায় কৰিবৰ বাবেই এই উপায় গ্ৰহণ কৰিলে ব্যতিক্ৰমী আমাৰ সকলোৰে প্ৰিয় অভিনেতাজনে। সঁচাকৈয়ে হিৰো হ’লে এনে হ’ব লাগে।’’

সঁচাকৈয়ে আটাৰ পেকেটত ১৫০০ টকা দিছেনে আমিৰ খানে?

ভাইৰেল বাৰ্তাটোত থকা সমগ্ৰ কথাখিনি অসত্য হ’লেও শেষৰ কথাষাৰ পিছে বেছ গুৰুত্বপূৰ্ণ। হিৰো হ’লে এনে হ’ব লাগে! হয় 'হিৰো হ’লে এনে হ’ব লাগে’ বাবেই অভিনেতা আমিৰ খানে নিজৰ নামত ইমান ভাল আৰু মহান কথা এটি মিছাকৈ প্ৰচাৰ হৈ থকাৰ কথা জানিব পাৰি লগে লগে টুইটযোগে সকলোকে জনাই দিয়ে যে প্ৰকৃততে তেওঁ লক্ষ লক্ষজনে শ্বেয়াৰ কৰাৰ দৰেকৈ এনেধৰণৰ অভিনৱ উপায়েৰে লকডাউনৰ সময়ত কাকো সহায় কৰা নাই।

আজি পুৱা প্ৰায় ১০ বজাত এক টুইটযোগে তেওঁ কয়, 'বন্ধুসকল, আটাৰ বেগত টকা ভৰাই দিয়া মানুহজন মই নহয়দেই। এইটো হয়তো এটা সম্পূৰ্ণৰূপে উৰাবাতৰি, নহ’লে ভাল কামবোৰ কৰি নিজৰ পৰিচয় ৰাজহুৱা কৰিব নিবিচৰা কোনো ৰবিন হুডো হ’ব পাৰে! সুৰক্ষিত হৈ থাকক। সকলোলৈকে ভালপোৱা জনালো।’

এনেদৰেই আটাৰ বেগত দুখীয়া লোকক লকডাউনত সহায় কৰিবলৈ টকা ভৰাই দিয়া লোকজন ভাইৰেল হৈ পৰা পোষ্টটোত কোৱাৰ দৰেকৈ আমিৰ খান যে নহয় সেয়া স্পষ্ট কৰি দিয়ে অভিনেতাগৰাকীয়ে। ইফালে এই সত্য প্ৰকাশ কৰাৰ পিছতে হাজাৰ হাজাৰ টুইটাৰ ইউজাৰে আমিৰ খানক সেয়া সঁচাকৈয়ে কৰি দেখুৱাবলৈ দাবী জনাইছে। বহুতে আকৌ আমিৰ খানক লকডাউনৰ সময়ত কোনো লোককে সহায় নকৰা বুলিও ককৰ্থনা কৰা দেখা গৈছে। 

সি যি নহওক, আমিৰ খানৰ টুইটটোৰ পিছত এয়া স্পষ্ট হৈ পৰিছে যে উৰাবাতৰি সৃষ্টি কৰিবলৈ সৃজনিশীলতাৰো প্ৰয়োজন। অভিনেতাজনৰ নামত যিজন অত্যুৎসাহী আমিৰ অনুৰাগীয়ে অথবা কুটবুদ্ধিৰ লোকে এই কাহিনীটো ভাবি উলিয়ালে আৰু টিকটকত তাক ভিডিঅ’ ৰূপ দিলে সেইজনে নিজৰ কল্পনাশক্তিক এনে মিছা বাতৰি এটা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আন কোনো ইতিবাচক কামত ব্যৱহাৰ কৰিলে সকলোৱে প্ৰশংসাৰে উপচাই দিলেহেতেন!

এনেও হ’ব পাৰে যে আমিৰ খানে কোৱাৰ দৰেকৈ কোনো দৰদী লোকে সঁচাকৈয়ে তেনেকৈ দৰিদ্ৰ লোকক সাহায্য বিতৰণ কৰিছে আৰু লোকজন দেখিবলৈ সাইলাখ আমিৰ খানৰ দৰেই! অৱশ্যে তেনে হোৱাৰ সম্ভাৱনা নিচেই তাকৰ। সঁচাকৈয়ে কোনো লোকে তেনেধৰণে সাহায্য বিতৰণ কৰক বা নকৰক, সত্য এয়াই যে আমিৰ খানৰ নামত যিটো পোষ্ট আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে সেয়া ১০০ শতাংশই মিছা। কেৱল বাকী ফেক নিউজতকৈ পাৰ্থক্য ইয়াতেই যে এই ভাইৰেল পোষ্টটোৱে সমাজত বিষপাষ্প বিয়পোৱা নাই, কিন্তু ভুল কথা এটা বিয়পাই দিছে। শেষত ইয়াকে ক’ব পাৰি যে ভুল কথা বিয়পাই দিয়াটোৱেই হৈছে মহাভুল!

আমিৰ খানে লকডাউনত চৰকাৰক সহায় কৰিছেনে?

আটাৰ পেকেটত ৰবিন হুডৰ দৰেকৈ দুখীয়াক ১৫০০ টকা (একাংশৰ মতে ১৫ হাজাৰ) দিয়াতো সত্য নহ’লেও এয়া সত্য যে অভিনেতা আমিৰ খানে পিএম কেয়াৰ ফাণ্ডৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈকেও ধন দান কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই এই সন্দৰ্ভত জানিব বিচৰাত 'বুমলাইভ’ৰ আগত কয় যে আমিৰ খানে সাহায্য আগবঢ়োৱাতো সত্য। অৱশ্যে আমিৰ খানে পিএম কেয়াৰ ফাণ্ড আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কিমান ধন আগবঢ়াইছে সেয়া ৰাজহুৱা কৰা নাই। বুমলাইভৰ আগত আমিৰ খানৰ টীমৰ এগৰাকী সদস্যই কয় যে দান কৰা ধন ৰাজহুৱা কৰাৰ মুঠেই পক্ষপাতী নহয় অভিনেতাজন।

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধান

এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।