ভাৰত-বাংলাদেশৰ দৰে দেশৰ লোকেই মাস্ক নিপিন্ধাকৈ আজিকালি বাহিৰলৈ নোলায়। ইয়াৰ বিপৰীতে আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশৰ একাংশ লোকে মাত মাতি আহিছে মাস্ক পৰিধানৰ বিৰুদ্ধে। কিয়নো এই দুখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে নিজেই সময়ে সময়ে মাস্ক পিন্ধাৰ বিৰোধিতা কৰি আহিছে। কিন্তু কিয়? ইফালে ভেকচিনক লৈও চৰ্চা চলিছে। ভাৰতত অহা আগষ্টত ভেকচিন বজাৰলৈ আহিব বুলিও বাতৰি প্ৰকাশ পাইছে। সঁচাকৈয়ে ইমান সোনকালে বজাৰলৈ ভেকচিন আহিবনে? সবিশেষ সামৰি জ্যেষ্ঠ সাংবাদিক হৃদয় কুমাৰ শৰ্মাৰ বিশ্লেষণ।


♦ কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পিন্ধি যোৱাটো অৱশ্য-কৰ্তব্য। বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া গাইড লাইনৰ ভিতৰত মাস্ক পৰিধান অন্যতম। মাস্ক এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এটি অংশ হৈ পৰিছে। ধনী-দুখীয়া সকলোৱে সাধ্য অনুসৰি মাস্ক একোখন মুখত লগাইহে বাহিৰলৈ ওলায়। ইমানৰ পিছতো বহুতে নীতি-নিয়ম উলংঘা কৰি মাস্ক পিন্ধাৰ পৰা বিৰত থাকে। 

কিন্তু আমেৰিকা বা ৰাছিয়াৰ দৰে দেশৰ ৰাষ্ট্ৰপ্ৰধানেই যদি মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰে¸ তেতিয়া সাধাৰণ নাগৰিকক কি উত্তৰ দিয়া যাব? শেহতীয়াকৈ আমেৰিকা আৰু ৰাছিয়াত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ লৈছে। হেজাৰ হেজাৰ লোক দিনে আক্ৰান্ত হৈছে। ইয়াৰ পিচতো ৰাষ্ট্ৰনায়কৰ এই আচৰণ কিয়? কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক বহুবাৰ দেখা গৈছে মাস্ক নিপিন্ধাকৈ। যোৱা সপ্তাহত অনুষ্ঠিত গণভোটত পুটিনে অংশ ল’লে মাস্ক নিপিন্ধাকৈ।

সাংবিধানিক পৰিৱৰ্তনৰ বাবে ৰাছিয়াত অনুষ্ঠিত হয় গণভোট। ভোটদান কৰে পুটিনে। ৰুছ ৰাষ্ট্ৰীয় টেলিভিচনত পুটিনৰ ভোটদানৰ ফুটেজ প্ৰকাশ পায়। সেই সময়ত উপস্থিত সকলোৰে মুখত মাস্ক থাকিলেও পুটিন আছিল মাস্কবিহীন। উল্লেখ্য¸ মস্কোত ভোটকেন্দ্ৰৰ দৰে ৰাজহুৱা স্থানত মাস্ক পিন্ধা বাধ্যতামূলক। ৰাছিয়াত কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পৰা পুটিনক কেতিয়াও কোনেও মাস্ক পিন্ধা দেখা নাই। অৱশ্য মাৰ্চ মাহত মস্কোত এখন কৰ’না হাস্পতাল পৰিদৰ্শনৰ সময়ত তেওঁ সুৰক্ষা চ্যুট এটি পিন্ধি নিজকে আবৃত কৰি ৰাখিছিল। কিন্তু হস্পিতালৰ মূৰব্বীজনাৰ লগত যেতিয়া বৈঠকত বহে¸ তেতিয়া কোনোজনৰে মুখতে মাস্ক নাছিল। 

ইয়াৰ এসপ্তাহ পিচতে হস্পিতালৰ মুৰব্বীজন কৰ’নাত আক্ৰান্ত হয়। পুটিন আইছোলেশ্যনলৈ যায়। আইছোলেশ্যনৰ পৰা ওলাই আহি পুনৰাই মাস্কবিহীন পুটিন। মাস্ক পিন্ধাৰ প্ৰতি পুটিনৰ এই অনীহা কিয়? বিজ্ঞজনৰ মতে¸ জনসন্মুখত পুটিনৰ ব্যক্তিত্বক সদায় সাহসিকতাৰ ৰূপত দেখুওৱা হয়। এই ইমেজ ধৰি ৰাখিবলৈ পুটিনে মাস্ক পিন্ধাৰ পৰা বিৰত থাকে। 

ইফালে কৰ’নাৰ সংক্ৰমণ ভয়াৱহ ৰূপত বাঢ়ি আছে ৰাছিয়াত। বিশ্বৰ ভিতৰত তৃতীয় স্থানত পুটিনৰ দেশ। পুটিনৰ দৰেই মাস্ক পিন্ধি বেয়া পোৱা ৰাষ্ট্ৰনেতা হৈছে ড্ৰণাল্ড ট্ৰাম্প। যোৱা এপ্ৰিল মাহত আমেৰিকাৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰোলৰ তৰফৰ পৰা জনসমাগত মাস্ক পিন্ধিবলৈ আহ্বান জনাইছিল। তেতিয়া ট্ৰাম্পে কৈছিল যে তেওঁ মাস্ক নিপিন্ধে। তেওঁ কৈছিল, 'এজন মানুহে মাস্ক পিন্ধিব নে নিপিন্ধে সেয়া তেওঁৰ ব্যক্তিগত পছন্দ।’

হোৱাইট হাউছত সদায় প্ৰেছ ব্ৰিফিঙৰ সময়ত মাস্ক নিপিন্ধা ট্ৰাম্পে শেহতীয়াকৈ নিজৰ মত সলনি কৰিবলৈ বাধ্য হৈছে। শেহতীয়াকৈ তেওঁ ঘোষণা কৰিছে যে তেওঁৰ ওচৰে-পাজৰে বহু মানুহ থাকিলে তেওঁ মাস্ক পিন্ধিব। পূৰ্বে মাক্স পিন্ধাক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন উপেক্ষা কৰি আহিছিল ট্ৰাম্পে। তেওঁ কৈছিল, 'কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধা বাধ্যতামূলক নহয়।’ ইফালে যিদিনাখন ট্ৰাম্পে মাস্ক পিন্ধাৰ সপক্ষে মন্তব্য কৰে উক্ত দিনাই আমেৰিকাত সৰ্বোচ্চ ৫২ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হয়। শেহতীয়াকৈ আমেৰিকা কৰ’না সংক্ৰমণত বিশ্বৰ ভিতৰত শীৰ্ষস্থানত আছে।

♦ কেতিয়া আহিব ভেকচিন?

এটি ভেকচিনৰ বাবে অধীৰ অপেক্ষাত বিশ্ববাসী। ইয়াৰ ফলস্বৰূপে কৰ’নাৰ বিৰুদ্ধে কাৰ্যকৰী ভেকচিন এটি উদ্ভাৱনৰ বাবে ঘঁড়ীৰ কাটাৰ সমানে তাল মিলাই তৎপৰ বিশ্বৰ বিজ্ঞানী-গৱেষকসকল। নিউৰ্য়ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি¸ বিশ্বজুৰি ১৭৮ টি ভেকচিন উদ্ভাৱনৰ প্ৰক্ৰিয়া অব্যাহত। ইয়াৰে ২০টি ভেকচিনৰ মানৱ দেহত পৰীক্ষা পৰ্ব চলিছে। সকলো ঠিকে-ঠাকে থাকিলে অহা ডেৰ বছৰৰ ভিতৰত সকলো লোকৰ বাবে এই ভেকচিন বজাৰত উপলব্ধ হ’ব।

কিন্তু সকলো জল্পনা-কল্পনা ওৰ পেলাই আমাৰ দেশৰ 'ভাৰত বায়োটেক’ নামৰ ঔষধ প্ৰস্তুত কৰা কোম্পানী এটাই অহা ১৫ আগষ্টৰ পিচতে সৰ্বস্তৰৰ লোকৰ বাবে কৰ’ণা ভেকচিন উপলব্ধ হ’ব বুলি দাবী কৰিছে। কৰ’না আক্ৰান্তৰে বিশ্বৰ ভিতৰত চতুৰ্থ স্থানত থকা ভাৰতৰ বাবে এয়া নিশ্চয়কৈ আশাৰ বতৰা।

ইপিনে কৰ’না আক্ৰান্তৰ শীৰ্ষস্থানত থকা আমেৰিকাত চৰকাৰী-বেচৰকাৰী উদ্যোগত ভেকচিন উদ্ভাৱনৰ কাম তৰান্বিত কৰাৰ বাবে অপাৰেশ্যন ওৰ্য়াপ স্পিড কাৰ্যসূচী হাতত লৈছে। ইয়াৰ বাবে ১৮টি ঔষধ কোম্পানীৰ স’তে চুক্তিৱদ্ধ হৈছে আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউটছ অব হেলথ। এইবোৰৰ ভিতৰত প্ৰথম-দ্বিতীয় পৰীক্ষাৰ পিছত তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে তিনিটা কোম্পানীক অৰ্থ যোগান ধৰা হৈছে। তৃতীয় পৰ্যায়ৰ ভেকচিন তিনিটা হৈছেঃ মৰ্ডানাৰ এম আৰ এন এ-১২৭৩¸ অক্সফোৰ্ডৰ এ জেড ডি-১২২২ আৰু ফাইজাৰৰ বি এন টি-১৬২।

৯ জুলাইৰ পৰা মৰ্ডানাৰ ভেকচিনটি ৩০ হাজাৰ লোকৰ ওপৰত পৰীক্ষামূলক প্ৰয়োগ হোৱাৰ কথা আছিল যদিও শেষত এয়া বাতিল কৰা হয়। জাৰ্মান কোম্পানী বায়’এনটেকৰ লগত ফাইজাৰৰ ভেকচিন ৩০ হাজাৰ লোকৰ ওপৰত পৰীক্ষামূলক প্ৰয়োগ কৰা হ’ব এই মাহৰ শেষভাগত। অক্সফোৰ্ডৰ ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ হ’ব আগষ্ট মাহত। একেদৰে জনছন এণ্ড জনছনে কৰ’ণা ৰোগীৰ ওপৰত তেওঁলোকে উদ্ভাৱিত ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ কৰিব।

ইফালে কৰ’নাৰ মাতৃভূমি চীন দেশো পিছ পৰি ৰোৱা নাই। চীনৰ ইনষ্টিটিউট অব মেডিকেল বায়োলজি এট চাইনিজ একাডেমি অব মেডিকেল ছায়েন্সৰ তথ্য মতে¸ তেওঁলোকৰ সম্ভাৱ্য ছয়টি ভেকচিনৰ ভিতৰত দুটিৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ কৰিব। একেদৰে এড-৫ নামৰ এটি ভেকচিন প্ৰথম-দ্বিতীয় পূৰ্বৰ ট্ৰায়েলত ফল পোৱাৰ পিছত সামৰিক বাহিনীৰ জৰুৰী প্ৰয়োজনত ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। একেদৰে চীনৰ ব্যক্তিগত কোম্পানী চিনোভেক-বায়োটেকে তেওঁলোকৰ উদ্ভাৱিত ভেকচিনৰ দ্বিতীয় পৰ্বৰ পৰীক্ষা শেষ কৰা বুলি দাবী কৰিছে।

ৰাছিয়াৰ গামালেয়া ৰিৰ্চাছ ইনষ্টিটিউটয়েও এটি ভেকচিন উদ্ভাৱন কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব এই বছৰৰ শেষভাগত। অষ্ট্ৰেলিয়াৰ এটি কোম্পানীয়ে উদ্ভাৱন কৰা ভেকচিনৰ প্ৰথম পৰ্বৰ পৰীক্ষামূলক প্ৰয়োগ জুলাইত হ’ব।

উল্লেখ্য¸ যোৱা জানুৱাৰী মাহতে কৰ’নাৰ জিনম ছিকুৱেন্স বিশ্লেষণৰ মাধ্যমত ভেকচিন উদ্ভাৱনৰ কাম আৰম্ভ হয়। প্ৰথম ভেকচিনটিৰ মানৱ দেহত প্ৰথম পৰীক্ষামূলক প্ৰয়োগ হয় মাৰ্চ মাহত। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ভেকচিন উদ্ভাৱন¸ ক্লিনিকেল পূৰ্ব¸ ব্যৱহাৰৰ বাবে চূড়ান্ত অনুমোদন পোৱা এটি জটিল আৰু সময়সাধ্য প্ৰক্ৰিয়া। এইবাবে অপেক্ষাৰ বাহিৰে বৰ্তমান মানুহৰ হাতত কোনো পথ নাই।