প্ৰতিকী ফটো
প্ৰতিকী ফটো

কোকৰাঝাৰঃ অসমত গা কৰি উঠা পৃথক ৰাজ্যৰ অান্দোলন, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী অান্দোলন প্ৰশমিত কৰিবলৈ তথা অসম চুক্তি ৰূপায়ণ আদি বিভিন্ন দাবীৰ সমৰ্থনত অান্দোলন কৰি অহা সংগঠনৰ নেতৃবৰ্গক ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনাৰ বাবে নতুন দিল্লীলৈ অামন্ত্ৰণ জনালে চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগে। 

♦ এবছুৰ ২৫ এপ্ৰিলৰ প্ৰস্তাৱিত বড়োলেণ্ড বন্ধ প্ৰত্যাহাৰ
♦ নতুন দিল্লীত ত্ৰিপাক্ষিক ৰাজনৈতিক বৈঠকৰ অায়োজন

উল্লেখ্য যে পৃথক বড়োলেণ্ডৰ দাবীত এবছু, এনডিএফবি (প্ৰ) অাৰু  পিজেএচিবিএম,  কমতাপুৰ পুনৰ গঠন অাৰু জনজাতিকৰণৰ দাবীত অাক্ৰাছুৱে পৃথকে পৃথকে অান্দোলন চলাই অহাৰ বিপৰীতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ টাই অাহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া যুৱ সন্মিলন, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন অাৰু সদৌ মৰাণ ছাত্ৰ সন্থাই যৌথ সংগ্ৰাম অব্যাহত ৰাখিছে।

অানহাতে ৩৩ বছৰে ৰূপায়ণ নোহোৱা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো অাছুৱে মাত মাতি অাহিছে। দীৰ্ঘদিনীয়া অান্দোলন অাৰু কেইবালানি বৈঠকৰ পিছতো কোনো যোগাত্মক সমাধান সূত্ৰ বাহিৰ নোহোৱাত উল্লেখিত সংগঠনবোৰে এপ্ৰিলৰ শেষ সপ্তাহৰ পৰা পুনৰাই অান্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিৰুপায় হৈ চৰকাৰে পুনৰাই অালোচনাৰ বাবে নতুন দিল্লীস্থিত গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকলৈ মাতি পঠিয়াইছে।

সেই অনুসৰি অসম চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব বি. কে বৰা স্বাক্ষৰিত অাৰু সংগঠনসমুহলৈ প্ৰেৰিত এক পত্ৰত নতুন দিল্লীত ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰি সংগঠনৰ নেতৃবৰ্গক উপস্থিত থাকিবলৈ  অাহ্বান জনাইছে। অাক্ৰাছুৰ (পি)গোটৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে পৃথক কমতাপুৰ অাৰু জনজাতিকৰণৰ দাবীত ২৪ এপ্ৰিলৰ বিয়লি তিনি বজাৰ পৰা নতুন দিল্লীৰ নৰ্থ ব্লকত ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত হ'ব অাৰু উক্ত অালোচনাক লৈ তেওঁলোক অাশাবাদী।

অানহাতে ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত ২৪ এপ্ৰিলৰ পুৱা ১০:৩০ বজাত অালোচনাৰ অামন্ত্ৰণ লাভ কৰা অাক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে চৰকাৰৰ খামখেয়ালি অাৰু নেতিবাচক ভূমিকাত ক্ষোভ প্ৰকাশ কৰি এইবাৰ অালোচনা ফলপ্ৰসূ নহ'লে নতুন দিল্লীতে অান্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে।

ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অাৰু  গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিৰ দাবী জনাই অন্যৰ্থাই এই অালোচনা অৰ্থহীন বুলি মন্তব্য কৰি হিতেশ্বৰ বৰ্মনে নিৰ্বাচন অাহিলেই ঘঁৰিয়ালৰ চকুপানী টোকা অাৰু নিৰ্বাচন পাৰ হ'লেই  শোষণ দমনৰ মনোভাৱ লোৱা কেন্দ্ৰীয় চৰকাৰে যোগাত্মক ভূমিকা গ্ৰহণ নকৰিলে সমস্যাৰ কেতিয়াও সমাধান নহয় বুলি মন্তব্য কৰিছে।

চিংলা কমিটিৰ প্ৰতিবেদন আৰু জনজাতিকৰণৰ সন্দৰ্ভত এইবাৰৰ ত্ৰিপাক্ষিক বৈঠকতে সমাধানসূত্ৰ নোলালে ভৱিষ্যতে অাৰু অালোচনাৰ নামত অালোচনাত নবহে বুলিও স্পষ্ট কৰি দিয়ে হিতেশ্বৰ বৰ্মনে। ত্ৰিপাক্ষিক বৈঠকত প্ৰতিটো সংগঠনৰ পৰা তিনিজনকৈ প্ৰতিনিধিয়ে অংশ ল'ব য'ত অাক্ৰাছুৰ ফালৰ পৰা হিতেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক ত্ৰৈলোক্য বৰ্মন অাৰু উপদেষ্টা অতুল ৰায়ে অংশগ্ৰহণ কৰিব।

একেদৰে, পৃথক বড়োলেণ্ডকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অান্দোলন অব্যাহত ৰখা এবছু, এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমক চৰকাৰে ২৫ এপ্ৰিলৰ দিনাখন ত্ৰিপাক্ষিক ৰাজনৈতিক বৈঠকৰ বাবে অাহ্বান জনাইছে। অালোচনা ফলপ্ৰসু হোৱাৰ কামনা কৰি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে তিনিওটা সংগঠনৰ সভাপতি, সম্পাদককে ধৰি এটি ১৫ জনীয়া দলে নতুন দিল্লীলৈ যাত্ৰা কৰিব বুলি মন্তব্যৰে পূৰ্বঘোষিত ২৫ এপ্ৰিলৰ প্ৰস্তাৱিত বড়োলেণ্ড বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে। 

ইপিনে, সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুয়ো ত্ৰিপাক্ষিক ৰাজনৈতিক বৈঠকৰ অামন্ত্ৰণ লাভ কৰিছে। ২৫ এপ্ৰিলৰ দিনা গৃহ মন্ত্ৰাণালয়ৰ নৰ্থ ব্লকত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপাক্ষিক বৈঠকত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত অালোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত অাছুৰ সভাপতি দীপাংক নাথে বিগত ৩৩ বছৰ ধৰি ৰূপায়ণ নোহোৱা অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ভাৱগম্ভীৰ পদক্ষেপ ল'বই লাগিব বুলি মন্তব্য কৰি অালোচনাক লৈ অাশাবাদী বুলি জানবিলৈ দিছে।