The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ কিছু দিন আগলৈ বিৰোধিৰ একাংশ লোকে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক পাপ্পু বুলি ইতিকিং কৰিছিল৷ পাপ্পু শব্দটোৱে কংগ্ৰেছ দলৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছল ৷ বিশেষকৈ বিজেপিৰ ছচিয়েল মিডিয়াত সক্ৰিয় লোকসকলে পাপ্পু শব্দটো ব্যৱহাৰ কৰা পৰিলক্ষিত হ’য়৷ শেহতীয়াকৈ পাপ্পু যেন সচাকৈ পৰিবৰ্তন হ’ল৷ ইতিকিং কৰা লোকসকলে এতিয়া এটি টুইট কৰিলেই পাপ্পুৰ পিছত দৌৰ দিব লগা হয়৷ কিছুদিন পূৰ্বে টুইটাৰত পোহনীয়া কুকুৰৰ সৈতে খেলি থকা এটি ভিডিঅ’ চেয়াৰ কৰিছিল ৰাহুল গান্ধীয়ে৷

তাৰ পিছতে দেশৰ বৰ বৰ নেতাই ৰাহুলৰ টুইটৰ পিছত দৌৰ দিয়া দেখা গৈছিল৷ কেৱল ইমানে নহয় প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটত আগন্তুক নিৰ্বাচনত ৰীহুল গান্ধীক লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ ৰাহুল গান্ধীয়ে ব্যাপক প্ৰচাৰ চলাই বিজেপিক একপ্ৰকাৰ শলঠৈকত পেলোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে বিজেপিয়ে তেঁওলোকৰ নিৰ্বাচনী বিজ্ঞাপনত 'পাপ্পু' শব্দতো ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশ দিয়ে। নিৰ্বাচনী আয়োগে 'পাপ্পু' শব্দতো অপমান জনক বুলি মন্তব্য কৰে।

কংগ্রেছৰ উপ-সভাপতি ৰাহুল গান্ধীক কটাক্ষ কৰি 'পাপ্পু' শব্দটি সাধাৰণতে ব্যবহাৰ কৰা হয়। ছচিয়েল মিডিয়াতে প্ৰথমতে এই "পাপ্পু" শব্দতোৰ প্ৰচলন হৈছিল। কিন্তু পিছলৈ বিজেপি দলে ৰাহুল গান্ধীক আক্ৰমন কৰিবলৈ এই "পাপ্পু" শব্দতো অতি ব্যপক হাৰত ব্যৱহাৰ কৰিব ধৰে। যাৰ বাবু পাপ্পু শব্দটো নিৰ্বাচনী আয়োগে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে শাসকীয় দল বিজেপিক। কংগ্রেছক আক্রমণ কৰি ৰাহুল গান্ধীক 'পাপ্পু' বুলি অভিহিত কৰি এটি বিজ্ঞাপন সম্প্রতি প্রকাশ কৰিলৈ ওলাইছিল গুজৰাট বিজেপি। নির্বাচন সম্পর্কীয় বিজ্ঞাপন হোৱাৰ বাবে বিজ্ঞাপনতোৰ স্ক্ৰিপ্ট নির্বাচন আয়োগৰ ওচৰত জমা দিয়া হৈছিল। তেতিয়াই 'পাপ্পু' শব্দটো আপত্তি কৰিলে নিৰ্বাচনী আয়োগ।