গুৱাহাটীঃ আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংগঠনৰ উপদেষ্টা অখিল গগৈয়ে কালিৰ অসম বিধান সভাত নামনি সোৱণসিৰি জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত শাসক আৰু বিৰোধী পক্ষই একমতত উপনীত হোৱা বুলি ওলোৱা সংবাদৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ গগৈয়ে উল্লেখ কৰে যদিহে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে অসম বিধানসভাত যোৱা ১৬ ডিচেম্বৰ ২০১১ তাৰিখৰ পৰা বন্ধ হৈ থকা এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প পুনৰ নিৰ্মাণৰ বাবে ঐক্যবদ্ধ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে তেন্তে ক’বই লাগিব যে অসম বিধানসভাই ভুল সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ কয়- ''গোটেই সমস্যাটোৰ গভীৰতালৈ নগৈ মাত্ৰ সামান্য সময়ৰ আলোচনাৰ ভিত্তিত যদিহে এই সিদ্ধান্ত লোৱা হৈছে তেন্তে এই সিদ্ধান্ত অসমবাসীৰ হিতকৰ নহয়। এই সিদ্ধান্ত কেৱল বান্ধক লৈ বেপাৰ কৰা লোকসকলকহে সহায় কৰিব৷ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ বৈজ্ঞানিক গবেষণাৰ ভিত্তিত ক্ৰটিপূৰ্ণ বুলি প্ৰমাণিত হৈছে আৰু সেইবাবে ইয়াক কাম-কাজ সম্পূৰ্ণ বন্ধ হৈ পৰিছে৷ কোনেও আবেগিকভাৱে আন্দোলন কৰি বন্ধ কৰা নাই, আন্দোলনৰ ফলতেই বন্ধ হৈছে আৰু এই আন্দোলন বিজ্ঞানসন্মতভাৱে বিশেষ প্ৰতিবেদনৰ ভিত্তি কৰিহে হৈছে।’’

বিধানসভাৰ বৃহস্পতিবাৰৰ প্ৰস্তাৱে এসমৰ জাতীয় সংগঠনসমূহ, অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ অসমৰ বিৰুদ্ধে অৱস্থান লৈছে৷ আটাইতকৈ ডাঙৰ কথা কালিৰ প্ৰস্তাৱে বিধান সভাৰ পূৰ্বৰ অৱস্থানৰ বিপৰীতে স্থিতি লোৱাৰ পৰিৱৰ্তে মাননীয় ন্যায়ালয়ৰ বিৰুদ্ধেও অৱস্থান গ্ৰহণ কৰিছে৷’’- এই মন্তব্য অখিলৰ। 

উল্লেখ্য যে অসম বিধানসভাই অৰুণাচলত নিৰ্মিত বৃহৎ নদীবান্ধৰ বিৰুদ্ধেও নামনি অংশৰ অৰ্থাৎ অসমৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে অধ্যায়নৰ উদ্দেশ্যে এখন সদন কমিটি গঠন কৰি দিছিল৷ সদন কমিটিয়ে যোৱা ২০১০ চনৰ ৩১ মাৰ্চত ইয়াৰ অন্তৰ্বৰ্তিকালীন প্ৰতিবেদন দাখিল কৰাৰ বিপৰীতে ২০১০ চনৰ ১৭ জুলাইত ইয়াৰ চুড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ চুড়ান্ত প্ৰতিবেদনৰ সমিতিয়ে এই বুলি অনুমোদন জনাইছিল যে নামনি অংশত পৰিব পৰা প্ৰভাৱৰ সকলো দিশৰ সামুহিক বৈজ্ঞানিক অধ্যয়ন নকৰাকৈ কোনো নদীবান্ধ কৰিব নোৱাৰিব৷

এতিয়ালৈকে অসমৰ-অৰুণাচল সীমান্তৱৰ্তী এলেকাত ১৬৭ টা প্ৰস্তাৱিত নদীবান্ধৰ প্ৰভাৱ সম্পৰ্কে কোনো সামূহিক অধ্যয়ন হোৱা নাই৷ সেই অধ্যয়ন নোহোৱলৈকে অসম বিধান সভাই কালি কেনেকৈ সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিলে  তাকে লৈ আশ্চৰ্য্য প্ৰকাশ কৰে সমিতিয়ে। আনহাতে সদন কমিটিৰ চুড়ান্ত প্ৰতিবেদনত উত্তৰ-পূৰ্বাঞ্চলত নদীবান্ধ হলেও নদীবান্ধ বহুমূখী হব লাগে বুলি অনুমোদন দিছিল৷ অৰ্থাৎ সকলোবিলাক অধ্যয়নৰ পাছত অসমবাসীৰ শংকা দূৰ হোৱাৰ পাছত কেৱল শক্তি উৎপাদনৰ কাৰণে নহয়, জলসিঞ্চন, বান নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণ আদি ব্যৱস্থা থকা প্ৰকল্পহে অনুমোদনৰ কথা কোৱা হৈছিল৷ তেনেস্থলত বৃহস্পতিবাৰৰ বিধানসভাৰ সিদ্ধান্তই সকলোকে অৱমাননা কৰিছে বুলি কয় অখলে।

অখিল গগৈয়ে সংবাদমেলত ঘোষণা কৰে যে নামনি সোৱণসিৰি জলবিদ্যুত বৰ্তমানৰ আৰ্হিত কোনোপধ্যেই নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব৷ তেওঁ প্ৰজেক্ট অভাৰ ছাইট কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰত চৰকাৰে আৰু অসম চৰকাৰক অসমৰ সকলো জাতীয় সংগঠনৰ লগত প্ৰধান মন্ত্ৰীৰ উপস্থিত বৈঠক বহুৱালৈহে দাবী জনায়৷ প্ৰকল্পটোৰ আৰ্হি আৰু নক্সা বদলাই ক্ষুদ্ৰ ক্ষুদ্ৰ বহুমূখী প্ৰকল্প হিচাপে নিৰ্মাণ কৰা হওক বুলি অখিলে চৰকাৰক আহ্বান জনায়৷ আনহাতে বৃহস্পতিবাৰৰ বিধানসভাৰ এই প্ৰকল্পটো নিৰ্মাণ হ’লে অসমে বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব বুলি আলোচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷

গেৰুৱা দলটোৱে সকলো ক্ষেত্ৰতে অসম বিৰোধী অৱস্থান গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে অখিলে৷ বিধানসভাত অন্যান্য বিৰোধী শক্তিয়েও বিজেপি দলক নদীবান্ধৰ ক্ষেত্ৰত যদিহে সমৰ্থন সঁচাকৈ দিছে তেন্তে অসমৰ সমাজ জীৱনৰ বাবে এয়া অশুভ সংকেত বুলিও মত প্ৰকাশ কৰে অখিলে। আকৌ এই প্ৰসংগত কংগ্ৰেছ আৰু এআইইউডিএফ দল দুটা গেৰুৱা দলটোৰ কথামতে চলে নেকি বুলিও কটাক্ষ কৰিবলৈ নেৰে কৃষক নেতাগৰাকীয়ে।