ডিজিটেল ডেস্কঃ শীঘ্ৰেই বজাৰলৈ আহি আছে ন’কিয়া ৯৷ যোৱা কেইমাহমানৰপৰা স্মাৰ্টফোনৰ বজাৰত চৰ্চাত থকা নকিয়াই ক্ৰমশঃ উপস্থিতি গ্ৰাহকক পুৰামাত্ৰাই অনুভৱ কৰাবলৈ সাজু হৈছে৷

ন’কিয়া ৩, ৫ আৰু ৬ ৰ পিছতেই কেইদিনমানৰ ভিতৰতে স্মাৰ্টফোনৰ বজাৰখনলৈ আহিব ন’কিয়া ৯৷ বছৰটোৰ প্ৰায় শেষৰ ফালে মুকলি হ’ব ন’কিয়া ৯৷

ডুৱেল কেমেৰা লেঞ্চযুক্ত ন’কিয়া ৯ ৰ আহিব এণ্ড্ৰইড সংস্কৰণত৷ ফিংগাৰপ্ৰীন্ট চেঞ্চৰযুক্ত ম’বাইলটোৰ বেটাৰি ৩,৮০০ এমএএইছ৷

তদুপৰি ধূলি আৰু পানীৰপৰা ক্ষতি ন’হবলৈ ফোনটোত বিশেষ ফিচাৰ্ছ সংযুক্ত কৰা হৈছে৷ স্নেপড্ৰেগন ৮৩৫ প্ৰচেচৰযুক্ত উক্ত ফোনটোৰ বজাৰ মুল্য ৪৪,৯৯৯ টকা৷