গুৱাহাটীঃ গুৱাহাটী নুনমাটি ‘নৱ বন্ধু’ এনজিঅ’ৰ মহিলাসকলে যোৱা বৃহস্পতিবাৰে বানপীড়িত ৰাইজক সাহায্য আগবঢ়ায়৷ 

বানপানীৰ কবলত ককবকাই থকা চাংচাৰিস্থিত বোৰ্কা পানীটেমা আঁঠগাঁও ডেকাৰপাৰলৈ মহিলাসকলে অশেষ কষ্টৰে গৈ বানপীড়িত লোকক সাহায্য দিবলৈ যায়৷ বানপানীয়ে উটোৱাই লৈ যোৱা বাঁহৰ সাকোঁৰ ওপৰেৰে পাৰ হৈ বানপীড়িতলোকক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি গৈছিল মহিলা সংস্থাটোৱে৷

উক্ত নৱ সংস্থাটোৰ সভানেত্ৰী দীপা গগৈৰ নেতৃত্বত কালি বানপীড়িত লোকক চাউল, দাইল, চুজি বিভিন্ন ৰেচনৰ লগতে খোৱা পানীৰো যোগান ধৰে৷ আনহাতে, নুনমাটিৰ অনিল ইন্টাৰনেশ্ব’নেল আইটিচি কোম্পানীও তেওঁলোকৰ লগত ওতঃপোতভাৱে জড়িত আছে৷ লগতে নুনমাটিৰ এজন প্ৰতিষ্ঠিত ব্যক্তি সুভাষ দে’ আগবঢ়োৱা সহায়ৰ হাতৰ বাবে সংস্থাৰ লোকে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷