দিল্লীঃ ফ্ৰেব্ৰুৱাৰী মাহৰ উষ্ণতাই আচৰিত কৰিছে সমগ্ৰ দেশবাসীক৷ সমগ্ৰ দেশতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এক সমীক্ষা অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহৰপৰা জুন মাহৰ ভিতৰত দেশৰ তাপমাত্ৰাৰ হাৰ সাধাৰণ উষ্ণতাতকৈ ওপৰত থাকিব৷ এই গৰমৰ পৰা সাৰি নাযাব দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলো৷ উত্তৰ ভাৰতৰ পৰ্বতীয়া ঠাইসমুহো এইবাৰ সমানে উষ্ণ হ’ব৷
বতৰ বিজ্ঞান বিভাগৰ এই সমীক্ষাত প্ৰকাশ পাইছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহতো ১১৬ বছৰৰ ভিতৰত আটাইতকৈ গৰম জানুৱাৰী মাহ৷ ২০১৬ বৰ্ষত বতৰৰ এই সাংঘাতিক পৰিৱৰ্তনৰ বাবে প্ৰায় ১৬ শ লোকৰ মৃত্যু হৈছে৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাক ধৰি সমগ্ৰ দেশতে গ্ৰীষ্ম প্ৰবাহৰ বাবে ৭০০ লোকৰ মৃত্যু হৈছে৷