newsnextone.com | গুৱাহাটীঃ দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পৰিছে। দেশৰ গৃহ মন্ত্ৰালয়ে এই বিষয়টো মানৱীয় দৃষ্টিৰে চাই বিশেষ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক।

তাৰ মাজতে গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ প্ৰশাসনে এনআৰচি সন্দৰ্ভত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে।
ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু ৰাজ্যৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত খচৰ প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্য়তিত সংঘটিত হ'ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হয়।

বৈঠকত আৰক্ষী আৰু উপায়ুক্তৰ পৰা খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিত নিয়ন্ত্ৰণ সন্দৰ্ভত লোৱা পৰাকৈ যুগুত কৰা ব্যৱস্থা সন্দৰ্ভত বুজ লয় এনআৰচি কৰ্তৃপক্ষই। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাও উপস্থিত থাকে। 

আনহাতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত বৃহস্পতিবাৰে পুৱাই এখন বৈঠক অনুষ্ঠিত কৰে। সমূহ জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত বৈঠক অনুষ্ঠিত কৰি সকলোকে সষ্টম হ'বলৈ নিৰ্দেশ দিয়ে। সেনাৰ সৈতেও পৃথকে বৈঠক অনুষ্ঠিত কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ।