newsnextone.com | গুৱাহাটীঃ দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পৰিছে। তাৰ মাজতে দেশৰ গৃহ মন্ত্ৰালয়ে এই বিষয়টো মানৱীয় দৃষ্টিৰে চাই বিশেষ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক।

কি নিৰ্দেশনা দিলে গৃহ মন্ত্ৰালয়ে, পঢ়কঃ- 

♦এনআৰচিৰ খচৰাত নাম নথকা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

♦খচৰাত নাম নথকা লোকক বিদেশী ন্যয়াধীকৰণলৈ প্ৰেৰণ কৰিব নোৱাৰিব।

♦নাম নথকা সকলক গ্ৰেপ্তাৰো কৰিব নোৱাৰিব।

♦এই কথা ৰাজ্য চৰকাৰে খোদ আৰক্ষী আৰু প্ৰশাসনক শীঘ্ৰে জনাই দিব লাগিব। কেৱল অসমেই নহয় চুবুৰীয়া ৰাজ্যই এই নীতি অৱলম্বন কৰিব লাগিব।

♦সকলোকে ন্যায় দিয়াৰ লগতে মানৱীয় দৃষ্টিৰে চাব লাগিব।

♦সকলোকে আইনৰ দ্বাৰা আদালতত গোচৰ নিষ্পতি কৰি স্বদেশী হোৱাৰ প্ৰমাণ কৰাৰ বাবে সুবিধা প্ৰদান কৰা হ'ব।

♦এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে অভিযোগ নিষ্পত্তি কৰাৰ বাবে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা।

♦৩০ জুলাইৰ পৰা সকলো অভিযোগ সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব।

♦অভিযোগ দাখিল কৰাৰ বাবে নিৰ্দিষ্ট কক্ষ থাকিব আৰু তাত এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিব পাৰিব নিজ নিজ তথ্যৰ সৈতে।

♦আইন শৃংখলাৰ অৱনতি হ'ব পৰা কাৰ্য ৰোধ কৰা আৰু অসমৰ আৰক্ষী, অসামৰিক প্ৰশাসন আৰু এনআৰচি কৰ্তৃপক্ষৰ মিলি গঠন কৰি লাগিব বিশেষ সমিতি। প্ৰতিখন জিলাত অভিযোগ গ্ৰহণ আৰু নিষ্পত্তি কৰাৰ বাবে থাকিব বিশেষ নিয়ন্ত্ৰণ কক্ষ।

♦ৱেব ছাইট, টল-ফ্ৰি নম্বৰ আৰু এছএমএছৰ জৰিয়তে আৰজিআয়ে দিব লাগিব খচৰাৰ সবিশেষ। খচৰাত নাম নথকা লোকৰ বাবে বিশেষ সজাগতা সভা, বিকল্প ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত ৰাইজক অৱগত কৰা আৰু অভিযোগ নিষ্পত্তিৰ সন্দৰ্ভত নিৰ্দেশনা দিয়াৰ বাবেও কাম কৰিব কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে।