গুৱাহাটীঃ লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। তাহানিতে ড০ ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচাবলৈ ৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসমীয়াই আজি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷

অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুন্ঠবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷ যিয়ে বন্দুকৰ গুলী বুকু পাতি লৈছিল আই মাতৃৰ বাবে৷ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদক৷

অসমীয়া জাতিয়ে বহু দিব লগা আছে শ্বহীদত৷ শ্বহীদক অসমীয়া জাতিয়ে পাহৰা নোৱাৰে আৰু জাতিক জগাই তোলা শ্বহীদসকলক অসমীয়া জাতিয়ে দিব লাগিব শ্ৰদ্ধা৷ জাতিয়ে সদায় স্মৰণ কৰি লাগিব শ্বহীদক৷ শ্বহীদৰ সপোণৰ অসম খনক বিদেশী মুক্ত কৰিব লাগিব আমি৷ নিজ জাতি, মাটি, আপোন মানুহৰ বাবে প্ৰাণ বিসৰ্জণ দিয়া শ্বহীদসকলে নিজৰ প্ৰাণ গলে যাব পাৰে কিন্তু জাতিৰ সৈতে আপোচ কৰা নহ’ব বুলি ঘৰৰ পৰা ওলাই আহি শ্ল’গান দি প্ৰাণ বিসৰ্জন দিছিল আমি সেই কথা পাহৰিব নোৱাৰিম৷

১৯৮৩ চনত জাগি উঠিছিল অসমৰ তেজাল ডেকা৷ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যাপক যোজা৷ অসমৰ ডেকা-যুৱতীৰ চকু থিয় হৈছিল৷ অসমৰ ভোটৰ তালিকাত হাজাৰ হাজাৰ বিদেশিৰ নাম অন্তৰ্ভুক্ত হোৱাত প্ৰাণ গলে গ’ল অসম বিদেশী মুক্ত হ’বই লাগিব বুলি চিন্তাত পৰিল অসমীয়া ডেকা৷ লাহে লাহে যেন পথৰ সন্ধান পালে অসমীয়া ডেকাই৷ এদিন জাতিটোৱে বিপদত পৰিব বুলি উমান পাই ঘৰত থাকিব পৰা নাছিল অসমীয়া ডেকা৷

ওলাই আহিছিল ঘৰৰ পৰা ৰাজ পথলৈ৷ চৰকাৰক কৈছিল আমাৰ কথা শুনা, নহ’লে আমি মৰিব জানো জাতিৰ হকে৷ প্ৰতিগৰাকী অসমীয়া যুৱকে মাতৃৰ ভৰি চুই ওলাই আহিছিল ৰাজ পথলৈ৷ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই আহি বিদেশীৰ নাম থকা ভোটৰ তালিকাৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ দিছিল৷ কোনো পাকিস্তানী, বাংলাদেশীৰ নাম আৰু অসমত অবৈধ নাগৰিকৰ স্থান নাই বুলি চিঞৰিছিল অসমীয়া ডেকাই৷ চিঞৰত ওলাই আহিছিল শ-শ অসমীয়া৷ মৰিলে আমি মৰিম কিন্তু অসমীয়া জাতি প্ৰভূত্ব থাকিবই লাগিব বুলি হুংকাৰ দিছিল অগণন লোকে৷

বৰপেটা জিলাৰ সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰ পৰা আৰম্ভ কৰি উজনিৃনামনিৰ শ-শ ডেকাই নেতৃত্ব দিছিল আন্দোলনক৷ দেশ তথা ৰাজ্যৰ চৰকাৰে যিকোনো বিনিময়ত অনুষ্ঠিত কৰিব বিছাৰিছিল নিৰ্বাচন৷ অসমৰ ডেকা, অৱাল, বৃদ্ধ বনিতাই কোনো কাৰণত নিৰ্বাচন অনুষ্ঠিত কৰিব দিয়া ন’ব বুলি হুংকাৰ দিছিল৷ যেতিয়ালৈ ভোটৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰা নহয় তেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷

চৌদিশে যুৱ প্ৰজন্ম ওলাই আহে বিদেশী বহিস্কাৰ তথা নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ দাবীৰে৷ আকোৰগোজ দিল্লীৱালা দলে মনোনয়ন পত্ৰ জমা দিবলৈ আকোৰগোজ৷ আনফালে আকোৰগোজ অসমৰ তেজাল যুৱ প্ৰজন্ম৷ কোনো কাৰণতে নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ বাবে ঠায়ে ঠায়ে প্ৰতিবাদ৷ তাৰ মাজতে বৰপেটাতো মনোনয়ন পত্ৰ দিবলৈ যোৱা লোকক বাধা প্ৰদান কৰিবলৈ গৈছিল ভৱানীপুৰৰ তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰে৷ কিন্তু আৰক্ষীৰ গুলীত নিহত হৈছিল ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ৷

১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ সেই আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল৷ তাৰ পিছৰে জ্বলিছিল অসম৷ ৰাজ পথতে যেন অসমীয়াই বাহৰ পাতিছিল৷ এজনকৈ এজনকৈ আৰক্ষীৰ গুলীত নিহত হৈছি ৮৫৫ গৰাকী অসমীয়া ডেকা৷ সেই আন্দোলন আছিল বিশ্বৰ শক্তিশালী আন্দোলনৰ অন্যতম অসম আন্দোলন৷ আছুৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনত জাতীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰা অসমৰ ঐতিহাসিক বিদেশী বিতাড়ণ আন্দোলনৰ ফল লাভ কৰিবলৈ কিন্তু অসমীয়াই প্ৰতিবাদ কৰিয়েই থাকিব লগা হ’ল৷

অসমীয়া জাতিৰ বাবে নিজৰ জীৱনক বিসৰ্জন দিবলৈ কুন্ঠাবোধ কৰা নাছিল ৮৫৫গৰাকী শ্বহীদে৷ ১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰে আৰু পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমত প্ৰবেশ কৰে৷ বাংলাদেশৰ স্বাধীন হোৱাত বহু লোক গুছি যায় বহু লোক অসমত থাকিবলৈ ধৰে। লাহে লাহে বিদেশী সমস্যাই অসমীয়াই গুৰুত্ব সহকাৰে লবলৈ আৰম্ভ কৰে৷ ১৯৭৮ চনত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবৰ সময়ত ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাত সকলোৱে আঁচৰিত হৈ পৰিছিল৷

কেনেকৈ বিদেশীমুক্ত হ’ব অসম৷ সদৌ অসম ছাত্ৰ সন্থাই এই কথাক গুৰুত্ব সহকাৰে লয়৷ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বিদেশী সমস্যাক লৈ গুৰুত্ব পূৰ্ণ আলোচনাত বহে৷ অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ আন্দোলনৰ সিন্ধান্ত লয়৷ যাৰ ফলত এই আন্দোলনে ভয়াবহ ৰূপ লয়৷ চৰকাৰে আন্দোলনকাৰীৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত ৮৫৫ গৰাকী লোক শ্বহীদ হয়৷

তাৰ পিছতে বৰফ যেন গলিল৷ অসমীয়া ডেকা দিল্লীলৈ গ’ল৷ দিল্লীত চুক্তিত স্বাক্ষৰ কৰিলে চুক্তিমতে অসমে এখন শুদ্ধ এনআৰচি লাভ কৰিব লাগিছিল আজিৰ পৰা ৩২ বছৰ পূৰ্বেই৷ কিন্তু কোনো এখন চৰকাৰে সেই কথাৰ গুৰুত্ব সহকাৰে নললে৷ বহু জল্পনা-কল্পনাৰ অন্তত বিগত কংগ্ৰেছৰ চৰকাৰৰ দিনত আৰম্ভ হ’ল এনআৰচিৰ কাম৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱত কাম আৰম্ভ হ’বলৈ লাগিছিল তিনি বছৰ৷

অৱশেষত চৰকাৰে এনআৰচিৰ সমন্বয়ক নিযুক্তি দি বিভিন্ন জিলাত দ্ৰুত গতিত চলালে আবেদনকাৰীৰ তথ্য সংগ্ৰহৰ কাম৷ যোৱা দুটা বছৰৰ অসমীয়া ৰাইজৰ সহায়, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহায় আৰু পৰিশ্ৰমৰ বাবে অৱশেষত ৩১ ডিচেম্বৰৰ মাজ নিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পাব৷ ৩১ ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসৰ সোণালী দিনৰূপে গণ্য কৰা হ’ব৷

ঐতিহাসিক সন্ধিক্ষণৰ সাক্ষীৰ দিশে আগবাঢ়িছে অসম৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯টা জাতি-জনগোষ্ঠীয় সংগঠনে নজিৰ ৰাখি আহিছে এনআৰচিৰ কাম চলাৰ পিছৰে পৰা৷ অসমৰ প্ৰতিটো দল-সংগঠনে, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিত সন্দৰ্ভত চিন্তা ব্যক্ত কৰি আহিছে৷ খচৰা প্ৰকাশত যাতে কোনো পৰিবেশৰ সৃষ্টি নহয়৷ এনআৰচিৰ কাম কাজ নিৰীক্ষণ কৰি আহিছে উচ্চতম ন্যায়লয়ৰ আওতাত৷ তাৰ মাজতে আছু সহ বহু সংগঠনে প্ৰতিখন জিলা উপায়ুক্তক সাক্ষাৎ কৰি এনআৰচিত যাতে কোনো কাৰণত বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে তন্ন তন্নকৈ নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়৷

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টচাৰ্যই বাংলাদেশৰ কোনো লোকক সেয়া হিন্দুই হওক বা মুছলমানেই হওক অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’ব বুলি কৈ আহিছে৷ ১৯৭১ লৈ অসমে বহুত বোজা ল’লে, সেয়ে তাৰ পিছত নতুনকৈ বোজা লোৱাৰ কোনো যুক্তি নাই বুলি কৈ আহিছে ভট্টাচাৰ্যই। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশীৰ চিনাক্তকৰণ আৰু প্ৰত্যাৰ্পণ নকৰালৈকে ক্ষান্ত নাথাকো বুলিও স্থিতি স্পষ্ট কৰি আহিছে আছুৱে৷

অসমবাসীক লৈ প্ৰতিবাদৰ ফলস্বৰূপে এনআৰচিৰ কাম আজি অন্তিম পৰ্যায় পালে বুল কোৱাৰ থল আছে৷ জাতি, মাটি ভেটিৰ, খিলঞ্জীয়াৰ ভাষা-সংস্কৃতি ৰক্ষাৰ্থে এনআৰচি অসমীয়া জাতিক প্ৰয়োজন৷ তাৰ মাজতে নানা চক্ৰই মানুহক উত্তজিত কৰি এনআৰচিৰ কামত বাধা প্ৰদান কৰাৰ চেষ্টা চলাই গৈছিল৷ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিৰ্ধাৰিত প্ৰ-পত্ৰৰ সৈতে পঞ্চায়তৰ নথি গাঠি দিয়া প্ৰায় ২৯.৬৯ লাখ লোকক এৰি ১৭.৪০ লাখ লোকৰ হে নাম এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ অনুমতি প্ৰদান কৰিছিল৷

এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দিছিল৷ ইয়াৰে ১৭.৪০ লাখ হে অ’ৰিজিনেল ইন-হেবিটেন্ট হিচাপে গন্য কৰা হ’ব বুলি কৈছিল৷ ন্যায়ালয়ে এনআৰচিত এইসকল লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ সন্মতি প্ৰদান কৰে৷ সৰ্বমুঠ ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দিছিল যদিও ২৯.৬৯ লাখ লোকৰ নাগৰিকত্বক সন্দেহ কৰা হয়৷ ২৬.১৩ লাখ মহিলা তাকো বিবাহিত মহিলা৷

নাগৰিকত্বক সন্দেহ কৰা অবিবাহিত মহিলাৰ সংখ্যা ১.২৪ লাখ আৰু পুৰুষ ২.৩২ লাখ৷ তাৰ পিছতে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল কেইবাটাও সংগঠনে৷ ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত পঞ্চায়তৰ নথি সম্পৰ্কীয় গোচৰৰ ৰায় দি অৱশেষত আদালতে পঞ্চায়তৰ নথিক সহ নথি হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিছিল৷ প্ৰথম খন খচৰা প্ৰকাশৰ দিশে আগবাঢ়িছিল এনআৰচি কৰ্তৃপক্ষ।

তাৰ পিছতে অসমীয়া জাতি সাক্ষী হৈ ৰ'ল স্বৰ্ণিল ইতিহাসৰ। অসমীয়াৰ বাবে ঐতিহাসিক ক্ষণ হৈ ৰ’ল ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ মাজনিশা৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই প্ৰকাশ কৰিলে প্ৰথমখন খচৰা৷ জনতাৰ বছৰ বছৰে কৰা সংগ্ৰামৰ ফল স্বৰূপে প্ৰকাশ পালে বহু আশাৰ NRCৰ প্ৰথম খন খচৰা।

মহাপঞ্জীয়ক এছ এছ শৈলেছ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হে NRC প্ৰস্তুত হোৱা বুলি কয়৷ নিশা প্ৰায় ১২.১০ বজাত এনআৰচিৰ খচৰা প্ৰকাশ কৰি দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছে ধুবুৰী. কৰিমগঞ্জ, কামৰূপ মেট্ৰ, বৰপেটা, নগাঁও আদিৰ উপায়ুক্তৰ সৈতে ভিডিঅ’ কানফাৰেন্সিংৰ জৰিয়তে প্ৰস্তুতি সন্দৰ্ভত কথা পাতে৷ এই খন খচৰাত ১.৯০ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷

বাকী ১.৩৯ আবেদনকাৰীৰ তথ্য-পাতি নীৰিক্ষণ চলি আছে বুলি জনায়৷ সোমাবাৰৰ পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন সেৱাৱ কেন্দ্ৰ সমূহত খচৰাৰ কপি উপলদ্ধ হৈছে৷ ২৫০০ সেৱা কেন্দ্ৰত উপলদ্ধ কৰে খচৰাৰ কপি৷

অসমৰ ইতিহাসত ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ মাজ নিশা হৈ ৰল ইতিহাসৰ চৰ্চাৰ মাজ নিশা৷ অসমীয়াই পাহৰিব নোৱাৰা মাজ নিশা এয়া৷ কিয়নো মাজ নিশাই প্ৰকাশ পালে প্ৰতীক্ষিত উৎকন্ঠাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা। জল্পনা–কল্পনাক অতীত কৰি মাজ নিশা এনআৰচিৰ কাৰ্যালয়ত প্ৰকাশ পালে  প্ৰথমখন খচৰা।

০১ জানিৱাৰীৰ পৰা এনআৰচিত কেনেকৈ চাব আপোনাৰ নামটো৷ ৱেবচাইড, এছএমএছ যোগেও চাব পাৰিব নাম৷ ফোনযোগে 97655-56555 নম্বৰত মেচেজ প্ৰেৰণ কৰি লাভ কৰিব পাৰিব নিজৰ নাম৷ www.nrcassam.nic.in, www.assam.mygov.in, www.assam.gov.in, www.Homeandpolitical.assam.gov.inত চাব পাৰিব আপোনাৰ নতুবা পৰিয়ালটোৰ সদস্যৰ নাম।

আনহাতে ১ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ সকলো সেৱা কেন্দ্ৰত থাকিব খচৰা কপি৷ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত উপলদ্ধ হ’ব খচৰাৰ কপি৷ আনহাতে দেওবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰিলেও চিন্তাৰ কাৰণ নাই বুলি কয়৷ কোনো ধৰণৰ অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈও মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়।