newsnextone.com | গুৱাহাটীঃ অহা ৩০ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব লাগিব এনআৰচিৰ চূড়ান্ত খচৰা৷ এই ৰায় দিলে দেশৰ শীৰ্ষ আদালতে৷ সোমবাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাই দিয়া সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে এই ৰায় প্ৰদান কৰে৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ বেঞ্চে এই ৰায় প্ৰদান কৰি ৩১ জুলাইত পুনৰ শুনানি অনুষ্ঠিত কৰাৰ বাবে দিন ধাৰ্য কৰে৷ ৩০ জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ নিশ্চিত কৰি দেশৰ শীৰ্ষ আদালতত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই দিন পিছুৱাই দিবলৈ আৰ্জি জনাইছিল৷ নতুন দিন ঘোষণা সন্দৰ্ভত আদালতে ২ জুলাইৰ দিন ধাৰ্য কৰে শুনানিৰ বাবে৷ 

ফলত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়৷ চৰকাৰ এনআৰচি কৰ্তৃপক্ষৰ মত শুনি আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু নেৰেনেপেৰা বৰষুণৰ বাবে প্ৰায় ১০টা দিন এনআৰচিৰ কামৰ ক্ষতি হৈছে বুলি এনআৰচি কৰ্তৃপক্ষই দাবী কৰিছিল৷ এনআৰচিৰ কৰ্তৃপক্ষই বন্ধ খামত ন্যায়ালয়ত আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত৷

নতুন দিন ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাই এনআৰচিৰ মুখ্য সমন্বয়ত প্ৰতীক হাজেলাই৷ আদালতে পুনৰাই এটা নতুন দিন ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায়৷ 

অহা ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে শেষ সীমা নিৰ্ধাৰণ কৰিছিল৷ কিন্তু বান পৰিস্থিতিয়ে এনআৰচিৰ কাম স্থবিৰ কৰা বুলি দাবী কৰে এনআৰচি কৰ্তৃপক্ষই৷ যাৰ বাবে কেন্দ্ৰী-ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷