অভয়াপুৰীঃ সংসদীয় ব্যৱস্থাৰ গৰিমাত কালিমা সানিলে কংগ্ৰেছৰ ভাতৃ সংগঠনে৷ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক নিৰ্লজ্জ আখ্যা দিলে কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI-এ৷ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI-এ এই মৰসাহ কৰে৷

বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলিক যোৱা ২৩ ফেব্ৰুৱাৰীত বিধান সভাৰ পৰা মাৰ্শ্বেলৰ হতুৱাই উলিয়াই দিয়াৰ ঘটনাৰ প্ৰতিবাদ জনাই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ লেংটিছিঙাত প্ৰতিবাদ সাব্যস্ত কৰে৷ NSUIৰ বঙাইগাঁও জিলা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে এগৰাকী NSUIৰ নেতাই ভাষণ প্ৰদান কৰি থকাৰ সময়তে নিৰ্লজ্জ আখ্যা দিয়ে৷

বিভিন্ন শ্ল’গানেৰে NSUIৰ নেতা-কৰ্মীয়ে আকাশ-বতাই কপাই অধ্যক্ষগৰাকীৰ প্ৰতিকৃতি দাহ কৰে৷ এগৰাকী অধ্যক্ষক এনেদৰে শব্দ প্ৰয়োগ কৰি সমালোচনা কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বঙাইগাঁৱত৷