• অতি সহজ চৰ্তত ঋণ ল’বলৈ গ’লে বিপদত পৰিব পাৰে ছাত্ৰ-ছাত্ৰী সকল  
  • ২০১৬ চনত চীনৰ ছাত্ৰীসকলৰ সৰ্বমুঠ ১০জিবি নগ্ন ফটো জমা হৈছিল চীনা কোম্পানী সমুহত
  • ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশসমুহতো লাহে লাহে এই কোম্পানীসমুহে ভৰি দিবলৈ আৰম্ভ কৰিছে

 

ডিজিটেল ডেস্কঃ ধনৰ বিনিময়তহে সপোন কিনিব পাৰি। আজিৰ এই বিশ্বায়নৰ যুগত স্বাস্থ্য শিক্ষা আদিও ধনৰ বিনিময়তহে কিনিব লগা হ’ল। বৰ্তমান সময়ত উচ্চ-শিক্ষা খৰচ ইমান বেছি বৃদ্ধি হৈছে যে মধ্যবৃত্ত সকলৰো উচ্চ-শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰা অৱস্থা হ’বলৈ গৈ আছে৷ এটা ভাল চাকৰি,এটা ভাল স্বচ্চল ভৱিষ্যতৰ সপোন সকলোৱেই দেখে আৰু তাৰ কাৰনে যিকোনো মূল্য ভৰি হ’লেও ছাত্ৰ-ছাত্ৰীসকলে উচ্চ-শিক্ষা গ্ৰহণ কৰিবলৈ যত্নপৰ হয়৷

আজিকালি ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ-শিক্ষাৰ খৰচ সহজ কৰিবলৈ বিভিন্ন বেংকে অতি সহজে পাব পৰা ‘‘শিক্ষা ঋণ’’ৰ বজাৰ এখনৰো সৃষ্টি কৰিছে ৷ যিখন বজাৰত ভৰি থৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে উচ্চ-শিক্ষা গ্ৰহণ কৰিছে৷ কিন্তু বেংকসমূহৰ এই ‘‘শিক্ষা ঋণ’’ গ্ৰহণ কৰা বহুতো ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালবোৰত কিন্তু এই শিক্ষা ঋণে বহুতো আহুকালৰ সৃষ্টি কৰিছে৷ কাৰণ অভিভাবকৰ ভাল আয়ৰ উৎস দেখূওৱাব নোৱাৰিলে বেংকসমূহে এই ‘‘শিক্ষা ঋণ’’ৰ সুবিধা মেধাৱী হ’লেও কোনো ছাত্ৰ-ছাত্ৰীকে নিদিয়ে৷ অভিভাৱকৰ ভাল আয়ৰ উৎস নাধাকিলে বেংকসমূহে মাটি-সম্পত্তি নহ’লে সোণ আদি বন্ধকত লৈহে ছাত্ৰ-ছাত্ৰীক উচ্চ-শিক্ষা গ্ৰহণ কৰিবলৈ ‘‘শিক্ষা ঋণ’’ দিয়ে৷ তাৰ পিচত ভূতৰ ওপৰত দানহ পৰাদি মুলধনৰ ওপৰত বছৰি যোগ হৈ যোৱা সুতৰ বোজাই বহুতো পৰিয়ালৰ ৰাতিৰ টোপনিও হৰণ কৰিছে৷ বহুতৰে ক্ষেত্ৰত এই ঋণৰ কিস্তি পিতৃ-মাতৃৰ মাহেকীয়া দৰমহা বা পেন্সনৰ পৰাহে পৰিশোধ কৰিবলগীয়া অৱস্থা হৈছে৷ কাৰণ আজিৰ এই বিশ্বয়ানৰ যুগত এটা ভাল চাকৰিৰ আশা কৰাতো এতিয়া পৰ্বতত কাছৰ কণী বিচৰাৰ নিচিনা হৈছে৷ উচ্চ-শিক্ষাৰ ‘‘শিক্ষা ঋণ’’ৰ এই লাভজনক বজাৰখনত এইবাৰ প্ৰৱেশ কৰিছে কিছুমান অবৈধ চীনা কোম্পানীয়ে অভিনৱ আৰু বহুতৰে কাৰণে সহজ চৰ্তত৷ কোনো আয়ৰ প্ৰমানপত্ৰ নাইবা কোনো ধন-সোণ বন্ধকত নোথোৱাকৈ উচ্চ-শিক্ষাৰ বাবে ধনৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে এই চীনা কোম্পানী সমুহে৷

   

কি সেই সহজ আৰু অভিনৱ সহজ চৰ্ত? মেডিকেল,ইঞ্জিনিয়াৰিং বা আন কোনো লোভনীয় দৰমহাৰ চাকৰি পাবলৈ পঢ়িবলগীয়া পাঠ্যক্ৰমৰ অতি উচ্চহাৰৰ মাচুলৰ বাবে এই চীনা কোম্পানীসমূহে কোনো বিশেষ বন্ধকী নোহোৱাকৈ ‘‘শিক্ষা ঋণ’’ৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে ৷ এই ঋণ পাবলৈ হ’লে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ এখন ‘‘নগ্ন চেলফী’’ নিজ ইচ্ছাত তুলি এই বেংকত জমা দিব লাগিব৷ হয় আপুনি ঠিকেই পঢ়িছে৷ সম্প্ৰতি ভাইছ অষ্ট্ৰেলিয়া (Vice Australia) নামৰ সংবাদগোষ্ঠীতোৱে এনে এক প্ৰতিবেদন প্ৰচাৰ কৰিছে য’ত কোৱা হৈছে যে চীনা ই-কমাৰ্চ কোম্পানী কিছুমানে ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে ‘‘নেকেড লোন ছাৰ্ভিচেছ’’ সেৱা আৰম্ভ কৰিছে৷ য’ত ছাত্ৰ-ছাত্ৰীসকলে ‘‘শিক্ষা ঋণ’’ লাভৰ বিনিময়ত নিজৰ এখন নগ্ন ফটো জমা দিব লাগিব৷ 

নিজৰ নগ্ন ফটো জমা দি লোৱা ‘‘শিক্ষা ঋণ’’ পৰিশোধ কৰাৰ পিচত ছাত্ৰ-ছাত্ৰীসকলে সেই নগ্ন ফটোবোৰ উভতাই পাব পাৰিব ৷ এই ক্ষেত্ৰত এই কোম্পানী সমুহে সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব৷ ওপৰে ওপৰে চালে বহুতৰে কাৰণে এইটো কোনো বিশেষ সমস্যা নহয়৷ কিন্তু সময়ত ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰিলে এই ধূৰ্ত কোম্পানীসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ নগ্ন ফটোবোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকললৈ পঠিয়াই দিয়াৰ ভাবুকি দিয়ে আৰু ব্লেক-মেইল কৰি অতি উচ্চহাৰতো ধন দাবী  কৰে৷ সহজ চৰ্তৰ ‘‘শিক্ষা ঋণ’’ৰ ফান্দত পৰা ইতিমধ্যে চীনৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰময় হৈ পৰিছে বুলি জনা গৈছে৷ বাতৰি প্ৰতিস্থান ‘ৰয়টাৰ’ৰ মতে চীনৰ চৰকাৰে এনেকুৱা অবৈধ ঋণ প্ৰদানকেৰী কোম্পানীবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷

চাইনা ইয়ুথ ডেইলী (China Youth Daily)ৰ এক ৰিপ’ৰ্ট অনুসৰি ২০১৬ চনত চীনৰ ছাত্ৰীসকলৰ সৰ্বমুঠ ১০জিবি নগ্ন ফটো জমা হৈছিল এই চীনা কোম্পানী সমূহত৷ এইসকলৰ ভিতৰত বেছিভাগৰেই বয়স ১৯ৰ পৰা ২৩ৰ ভিতৰত৷ নিৰ্ধাৰিত সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা সকলৰ নগ্ন ফটো মুহূৰ্তৰ ভিতৰতেই অনলাইনত ভাইৰেল হৈ যায়৷ আৰু তাৰ পৰাই এই কোম্পানী সমূহে মোটা অংকৰ ধন উপাৰ্জন কৰে৷ কেৱল সেয়েই নহয় সেইসকলৰ বহুতকেই এই কোম্পানীসমূহে তেওঁলোকৰ সহযোগত দেহ ব্যাৱসায় কৰি ঋণ পৰিশোধ কৰাৰ প্ৰস্তাৱো দিয়ে৷ এনে কোম্পানী সমুহৰ পৰা তথ্য সংগ্ৰহ কৰি বহুতো ধনী ব্যক্তিয়ে শৰীৰৰ বিনিময়ত ঋণগ্ৰস্থ ছাত্ৰীসকলৰ ঋণ পৰিশোধ কৰাৰ প্ৰস্তাব দিয়াৰ খৱৰো আছে৷

আটাইতকৈ ভয়ানক কথাটো হৈছে যে এই ‘‘নেকেড লোণ ছাৰ্ভিচেছ’’ সেৱা প্ৰদানকাৰী এনে অবৈধ কোম্পানীসমুহ কেৱল চীন দেশতেই সীমাবদ্ধ থকা নাই৷ শুনা গৈছে যে ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশসমূহতো লাহে লাহে এই কোম্পানীসমুহে ভৰি দিবলৈ আৰম্ভ কৰিছে৷

গতিকে কোনেও যাতে এনেকুৱা ‘‘শিক্ষা ঋণ’’ৰ চক্ৰত পৰি মান-সন্মান-জীৱন আদি ধ্বংস কৰিবলগীয়া নহয় তাৰ কাৰণে সকলোৱে সচেতন হোৱাৰ সময় আহি পৰিছে ৷