ডিজিটেল ডেস্কঃ মুম্বাইত আজিৰ তাৰিখত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৭৭.৫০ টকা। দেশৰ অন্যান্য প্ৰান্ততো পেট্ৰ’লৰ দামৰ মুম্বাইৰ সৈতে বৰ বিশেষ পাৰ্থক্য নাই। প্ৰায়বোৰ মেট্ৰ’পলিটান চহৰতে এতিয়া পেট্ৰ’লৰ দামে ৭০-৭৫টকাৰ আশে-পাশে।

কিন্তু বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম পিছে ইমানকৈ বৃদ্ধি পোৱা নাই। বিশ্বৰ বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হৈছে ৬৫ মাৰ্কিন ডলাৰ। এই অনুযায়ী ভাৰতৰ বজাৰত তেল কোম্পানীসমূহৰ লাভসহ প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হোৱা উচিত মাত্ৰ ২৯ টকা।

পিছে দেশত কিয় পেট্ৰ’লৰ এনে জুই ছাই দাম? কাৰণ এটাই। সেয়া হৈছে টেক্স। জানিব পৰা মতে পেট্ৰ’লৰ দামৰ ১৫৩ শতাংশই  টেক্স হিচাপে যায় চৰকাৰৰ ঘৰলৈ। ফলত বাঢ়ি বাঢ়ি পেট্ৰ’লৰ দামে ৮০ৰ কাষ চাপিছেগৈ।

হিচাপ যিমানে কৰা যায় দামো সিমানে বাঢ়ি যায়। বাঢ়ি যায় নহয়, বাঢ়িছেই। ৪খন মহানগৰীৰ ভিতৰত মুম্বাইতে পেট্ৰ’লৰ দাম সৰ্বাধিক। যদি আজিৰ তাৰিখত অপৰিশোধিত তেলৰ দাম অনুযায়ী হিচাপ কৰা হয়, তেন্তে দেখা যাব যে এক বেৰেল তেলৰ দাম ৬৫.৩৪ মাৰ্কিন ডলাৰ।

পৰিশোধন কেন্দ্ৰসমূহে সেই তেল শোধন কৰি ২৬.৮৬ টকাত পেট্ৰ’লিয়াম সংস্থাসমূহলৈ সৰবৰাহ কৰে। ইয়াৰ ওপৰত সংস্থাসমূহৰ অপাৰেটিং ছাৰ্জ যুক্ত হয় ২.৬৮ টকা। চেন্ট্ৰেল এক্সাইজ যুক্ত হয় ২১.৪৮ টকা। মুম্বাই অটট্ৰয় যুক্ত হয় ১.১০ টকা। পৰিবহণ খৰছ ২০ পইছা। ইমানলৈকে দাম বাঢ়ি প্ৰতি লিটাৰত হয়গৈ ৫২.৪২ টকা।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ২৬ শতাংশ হাৰত ভেট আৰু ৯ টকা ছেছ আদায় লয়। তেনেকৈ ৰাজ্য চৰকাৰৰ মুঠ টেক্স হয়গৈ ২২.৬০ টকা। ডিলাৰৰ কমিছন ২.৫৮ টকা। সকলো মিলি সৰ্বসাধাৰণে প্ৰতি লিটাৰ পেট্ৰ’লৰ বাবদ খৰছ কৰিব লগীয়া হয় ৭৭.৫০ টকাকৈ। 

এই হিচাপ কেৱল মুম্বাই নহয়, দেশৰ প্ৰতিখন চহৰতে একেই। কেৱল মাত্ৰ ৰাজ্য ভেদে ছেছ আৰু আভ্যন্তৰীণ টেক্সৰ বাবে দাম সামান্য তাৰতম্য হয়।

ফলত আচলতে যি দামত অন্তত আঢ়ৈ লিটাৰ তেল ক্ৰয় কৰিব পৰা গ’লহেতেন, সেই ঠাইত কিনিবলগীয়া হৈছে মাত্ৰ ১ লিটাৰ। আচৰিত কথা এয়ে যে চুবুৰীয়া দেশসমূহতো পেট্ৰ’লৰ দাম ভাৰততকৈ কেবাগুণে কম।