ডিজিটেল ডেস্কঃ চুৰিব কৰিব পৰাটো মহা বিদ্যা। কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈ ধৰা পৰাৰ ভয়ে হে খেদি ফুৰে। বহু বছৰ পিছতে এগৰাকী চোৰ ধৰাৰ পিছতে এই কথাৰ প্ৰমাণ কৰে। ত্ৰিপুৰাত এজন চোৰ ধৰা পৰিল প্ৰায় ৩৭ বছৰ পিছত৷

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ধৰা পৰে চোৰ৷ ৫৮ বছৰীয়া শিশিৰ ধৰ নামৰ ব্যক্তিক ৩৭ বছৰৰ পিছত তেওঁ কৰা দুটা চুৰি অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷ আৰক্ষীয়ে বুধাবাৰে শিশিৰ ধৰক পশ্চিম ত্ৰিপুৰাৰ জিৰানিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে৷ 

ধৰে যেতিয়া চুৰি কৰিছিল তেতিয়া আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম নোহোৱাত গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছিল৷ বৰ্তমানে ধৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত এই গোচৰ পুনৰ ন্যায়লয়লৈ প্ৰেৰণ কৰা হয় ৷ 

পশ্চিম আগৰতলা আৰক্ষী থানাৰ নিয়ন্ত্ৰক সুব্ৰত চক্ৰৱৰ্তীৰ মতে, ১৯৮১ চনত ২১ বছৰ বয়সত ধৰে আগৰতলাত দুটা কৈ চুৰি কাৰ্য সংঘটিত কৰিছিল৷ কিন্তু আৰক্ষীয়ে সেইসময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ধৰক৷ বৰ্তমানে নাতি-নাতিনীৰো মুখ দেখিছে ধৰে৷ 

চুৰি কাৰ্য সংঘটিত কৰাৰৰ পিছত বহু বছৰলৈ লুকাই আছিল ধৰ৷ পিছে পৰিয়াল পোহপাল দিবৰ বাবে ধৰে শ্ৰম কৰিবলৈ আৰম্ভ কৰে৷