মহাৰাষ্ট্ৰ আৰু কেৰালাৰ কেবাখনো ঠাইৰ পিছত ভাৰতত কৰ’না ভাইৰাছৰ 'ছুপাৰস্প্ৰেডাৰ’ হিচাপে পৰিগণতি হৈ পৰিছে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ বাংলেৱালা মছজিদস্থিত তবলীগ জামাতৰ মাৰ্কাজ। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত কৰ’নাক লৈ আৰম্ভ হৈছে ধৰ্মীয় আক্ৰমণৰ খেল। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’। একেখন থালতে কেবাজনো মুছলমান যুৱকে একেলগে খাদ্য খোৱা আৰু চামুছ চেলেকি থকা ভাইৰেল ভিডিঅ’টো ইতিমধ্যে অসমৰ ছ’চিয়েল মিডিয়া ইউজাৰসকলেও শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। 

উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি ভিন্নজনে লিখিছে যে এই মুছলমান লোকসকলৰ এনেবোৰ কাণ্ডৰ বাবেই কৰ’নাই আজি ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ পালে। বহুতে আকৌ এনেদৰে কৰ’না ভাইৰাছ বিয়পাই দিবৰ বাবেই এনেদৰে একেখন থালতে খাদ্য খাইছে বুলিও দাবী কৰিছে। অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাগ নিউজ নামৰ এটা ব্যক্তিগত টিভি চেনেলত বুধবাৰে দিয়া সাক্ষাৎকাৰতো তবলীগ জামাতত এনেদৰে মুছলমান লোকসকলে একেখন থালতে ৫-৬ জন লোকে খিচিৰি খোৱাৰ নিয়ম আছে বুলি মন্তব্য কৰা দেখা গৈছে।

মুছলমান লোকসকলে দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত সঁচাকৈয়ে এনেদৰে একেখন থালতে খাদ্য খাইছিলনে? চামুচ চেলেকিছিল নে? তবলীগ জামাতলৈ গ’লে একেলগে থালত বহু কেইজন লোকে মিলি খিচিৰি খোৱা নিয়ম ইছলাম ধৰ্মত আছেনে? ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতে আকৌ কৈছে যে ভাৰতত যাতে কৰ’না বিয়পাই দিব পাৰে তাৰ বাবে চীনৰ একাংশ মুছলমানে গোপনে বিহাৰলৈ আহি এনেদৰে একেখন থালতে খাদ্য খাইছে। 

'চীনৰ ১৪ জন মুছলমানে বিহাৰৰ এটা মছজিদত লুকাই আছিল আৰু তেওঁলোকক বিহাৰ আৰক্ষীয়ে কৰায়ত্ত কৰি কৰ’না টেষ্ট কৰাইছে। আৰক্ষীয়ে থাইলেণ্ডৰ ১১ জন মুছলমানকো গ্ৰেপ্তাৰ কৰিছে আৰু আটাইকেইজন দেহত কৰ’না পজিটিভ পাইছে। আজি চালেম আৰক্ষীয়ে ইণ্ডোনেছিয়াৰো ১১ জন মুছলমানক এটা মছজিদৰ পৰা গ্ৰেপ্তাৰ কৰিছে। এই ভিডিঅ’টোত এই লোককেইজনক চামুছ, প্লেট আৰু থালত থু লগাই থকা দেখা গৈছে। এনেদৰে থু লগাই ইহঁতে কৰ’না ভাৰতত বিয়পাই দিবলৈ ষড়যন্ত্ৰ কৰিছে।’-ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই এনেকৈ লিখিছে।

উল্লিখিত ভিডিঅ’টোক লৈ এতিয়া ভিন্নজনে নিজৰ নিজৰ ধৰণে পোষ্ট কৰিবলৈ আৰম্ভ কৰিছে। বহুতে লিখিছে, 'সতৰ্ক হৈ থাকক। ভাৰতত কৰ’না সংক্ৰমিত হোৱা নাই, ইচ্ছা কৰিয়েই বিয়পাই দিয়া হৈছে। ইয়াৰ প্ৰমাণ নিজামুদ্দিনৰ মাৰ্কাজৰ এই ভিডিঅ’টো।’ এনেধৰণে পোষ্টত নিজৰ মতামত দাঙি ধৰি সকলোৱে একাধিক দাবী কৰিছে। কিন্তু এই দাবীসমূহৰ সত্যতা কিমান? আহকচোন এনে দাবীসমূহৰ পৰ্যালোচনালৈ যাও।

পুৰণি বেলেগ বিষয়ৰ ভিডিঅ’

ফেক নিউজৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা ভাৰতৰ একমাত্ৰ ৱেবছাইট altnews.inৰ আলম লৈ NNOৰ তৰফৰ পৰা গুগল ৰিভাৰ্ছ ইমেজ আৰু কীৱৰ্ড ছাৰ্চিঙৰ জৰিয়তে ভাইৰেল ভিডিঅ’টোৰ উৎস জানিবলৈ চেষ্টা কৰাত দেখা গৈছে যে এই ভিডিঅ’টো ২ বছৰ পূৰ্বৰ ভিডিঅ’। ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ লগতে শ্বেয়াৰ হৈ থকা ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ফটোসমূহৰ প্ৰকৃততে নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে কোনো সম্পৰ্ক নাই। তবলীগ জামাত বুলিয়েই নহয়, কোনো মছজিদৰ ধৰ্মীয় কাৰ্যসূচীৰ সৈতেও সম্পৰ্ক নাই এই ভিডিঅ’টো আৰু বাছন, চামুছ চেলেকি থকা ফটোসমূহৰ।

'মুছলিমছ লিকিংছ ইউটেনছিলছ’ বুলি ইংৰাজীত টাইপ কৰি গুগলত ছাৰ্চ কৰিলে আপোনালোকেও দুবছৰ আগৰ ২০১৮ চনৰ ৩১ জুলাইৰ ভিমিঅ’ (ইউটিউবৰ দৰে ভিডিঅ’ শ্বেয়াৰিং ৱেবছাইট) নামৰ ভিডিঅ’ ৱেবছাইট এটাৰ লিংক দেখিবলৈ পাব। উক্ত ভিডিঅ’টোৰ ডেছক্ৰিপশ্যনত স্পষ্টকৈ লিখা আছে যে চামুছ, থাল-প্লেট আদি চেলেকি চেলেকি খাই থকা যুৱককেইজন ডাউদি বোহৰা সম্প্ৰদায়ৰ আৰু তেঁওলোকে খাদ্যৰ যাতে এছিকুটমানো নষ্ট হ’ব নোৱাৰে তাৰ বাবে এনেদৰে চেলেকি চেলেকি খাইছে।

ডেছক্ৰিপশ্যনত আৰু লিখা আছে যে যুৱককেইজনে 'ছৈয়দনা’ৰ আদেশ পালন কৰি এনেদৰে খাদ্যবস্তু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ অভ্যাস কৰিছে। ছৈয়দনা আলী কদৰ মুফদল ছঈফুদ্দিন হৈছে ডাউদি বোহৰাসকলৰ ৫৩ সংখ্যক তথা বৰ্তমানৰ দাই-উল-মুতল্ক অৰ্থাৎ উক্ত পন্থাৰ মূৰব্বীস্বৰূপ ধৰ্মগুৰু।

ভিডিঅ’টো মাইক্ৰ ব্লগিং ছাইট টুইটাৰটো উপলব্ধ। টুইটাৰত ২০১৮ চনৰ ৩০ জুলাইত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি Yusuf Unjhawala নামৰ টুইটাৰ ইউজাৰগৰাকীয়ে লিখিছে, 'বোহৰাসকলে এখন ডাঙৰ থালত একেলগে ভোজন কৰে। এয়া জমাতখানাৰ ভিডিঅ’ য’ত বিভিন্ন উপলক্ষত খাদ্য বিতৰণ কৰা হয়। খাদ্যবস্তু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এনেদৰে চেষ্টা চলাই বোহৰাসকলে।’

আগশাৰীৰ হিন্দী দৈনিক কাকত 'দৈনিক ভাস্কৰ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভূপালৰ বোহৰা সম্প্ৰদায়ৰ ধৰ্মগুৰু বুৰহানুদ্দিনে কৈছে, 'বোহৰা সম্প্ৰদায়ৰ প্ৰথা অনুযায়ী খাদ্যবস্তুৰ এছিকুটমানো যাতে নষ্ট নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হয়। সেয়ে শিশু, চেমনীয়া আৰু কিশোৰসকলক এই শিক্ষা দিবলৈ তেওঁলোকে অন্ন সমিতি গঠন কৰে। ভাইৰেল হৈ পৰা ভিডিঅ’টো আমাৰ সম্প্ৰদায়ৰ তেনে কোনো এখন অন্ন সমিতিৰেই হ’ব। ভিডিঅ’টোত কেইজনমান কিশোৰে থাল, চামুছ আদিত লাগি থকা খাদ্যবস্তুও নষ্ট হ’বলৈ নিদিয়াৰ অভ্যাস কৰি থকা দেখা গৈছে।’ 

অৰ্থাৎ এয়া স্পষ্ট যে লেতেৰা আৰু জঘন্য আখ্যা দি নিজামুদ্দিনৰ তবলীগ জামাতত একেলগে মুছলমানসকলে এখন থালতে ভাত খাই বুলি ছ’চিয়েল মিডিয়াযোগে কৰি থকা প্ৰচাৰ সম্পূৰ্ণৰূপে ভুল প্ৰচাৰ। দৰাচলতে বোহৰা সম্প্ৰদায়ৰ খাদ্যবস্তু নষ্ট নকৰিবলৈ শিশু, চেমনীয়া আৰু কিশোৰসকলক দি থকা প্ৰশিক্ষণৰ ভিডিঅ’টো একাংশ লোকে ন্যস্ত স্বাৰ্থৰ বাবে এনেদৰে কৰ’না ভাইৰাছ আৰু নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে জড়িত কৰি প্ৰচাৰ আৰম্ভ কৰিছে আৰু সেয়া ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো ভাইৰেল হৈ পৰিছে।

ডাউদি বোহৰাসকল প্ৰকৃততে কোন?

ডাউদি বোহৰা সম্প্ৰদায়টো শ্বিয়া মুছলমানসকলৰ এটা ঠাল। ডাউদি বোহৰাসকলৰ অধিকাংশই ভাৰত, পাকিস্তান, য়েমেন, পূব আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত বসবাস কৰে। ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কোনো কোনো ঠাইতে কম-বেছি পৰিমাণে এই সম্প্ৰদায়ৰ লোক আছে। সমগ্ৰ বিশ্বতে এই সম্প্ৰদায়ৰ লোকসকলৰ আনুমানিক জনসংখ্যা হৈছে ১০ লাখ। 

এই সম্প্ৰদায়ৰ মূল নীতি হৈছে জন্মভূমিক ভালপোৱা, জন্মভূমিৰ আইন-কানুন মানি চলা আৰু ধৰ্মীয় নীতি-নিয়মসমূহ পালনৰ লগতে আধুনিকতাৰ সৈতে নিজকে খাপ খুৱাই লোৱা। ২০১৯ চনত এই সম্প্ৰদায়ৰ মধ্যপ্ৰদেশৰ ইন্দোৰস্থিত সমিতি ডাউদি বোহৰা সমিতি, ইন্দোৰে লাভ কৰে ভাৰত চৰকাৰৰ 'স্বচ্ছ চিটি এৱাৰ্ড’। স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সম্প্ৰদায়ৰ লোকসকলে দেখুওৱা আনুগত্যৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে।

প্ৰজেক্ট ৰাইছ

২০১৮ চনৰ জুন মাহত ডাউদি বোহৰা কমিউনিটীৰ তৰফৰ পৰা সমগ্ৰ বিশ্বতে ভোক নিবাৰণৰ লক্ষ্যৰে আৰম্ভ কৰা হয় 'প্ৰজেক্ট ৰাইছ’। ভাৰততো মুম্বাইত এই 'প্ৰজেক্ট ৰাইচ’ কাৰ্যসূচী মুকলি কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে খাদ্যবস্তু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাত অধিক গুৰুত্ব প্ৰদান কৰে। উক্ত কাৰ্যসূচী চলি থকাৰ সময়তে জুলাই মাহত ভাৰতৰ বিভিন্ন স্থানত সম্প্ৰদায়টোৰ লোকসকলে অন্ন সুৰক্ষা সমিতি গঠনৰ জৰিয়তে খাদ্য বস্তু নষ্ট নকৰাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছিল। বিশ্বৰ দৰিদ্ৰ লোকসকল যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে খাদ্য বস্তু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰদান কৰা তেনে প্ৰশিক্ষণ কাৰ্যসূচীৰ এটি ভিডিঅ’ এতিয়া হৈ পৰিছে ধৰ্মীয় বিষপাষ্প বিয়পোৱাৰ আহিলা।