ডিজিটেল ডেস্কঃ ৰেল ভাৰাৰ লগতে নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰো মূল্য। এই অনুযায়ী ৰাজ সাহায্যবিহীন প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ১৯ টকাকৈ বৃদ্ধি পাইছে। আজি ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য। 

উল্লেখ্য যে যোৱা আগষ্ট মাহত ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬২.৫০ টকাকৈ হ্ৰাস পাইছিল। আন্তঃৰ্জাতিক বজাৰত দৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত তেতিয়া এনেদৰে দাম কম কৰা হৈছিল। কিয়নো এলপিজি চিলিণ্ডাৰৰ দাম আন্তঃৰ্জাতিক বজাৰ দৰ আৰু বিদেশী মুদ্ৰাৰ বিনিময়ৰ হাৰৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। আন্তঃৰ্জাতিক বজাৰত দৰ বৃদ্ধি পালে চৰকাৰে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সাহায্যৰ পৰিমাণো বঢ়াই দিয়ে আৰু হ্ৰাস পালে সেয়া কমাই দিয়ে।

অৱশ্যে আগষ্টৰ পিছৰে পৰা পুনৰ বৃদ্ধি পাইছিল ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ডিচেম্বৰ পৰ্যন্ত ক্ৰমাগতভাৱে তিনিটাকৈ মাহত দাম বৃদ্ধি অব্যাহত আছিল। অৱশেষত আজি বছৰটোৰ প্ৰথমটো দিনতে চতুৰ্থ মাহৰ বাবেও দাম বৃদ্ধি কৰা হয়।

যোৱা ছেপ্টেম্বৰ মাহত ১৬ টকা, অক্টোবৰত ১৩ টকা আৰু নৱেম্বৰত প্ৰায় ৭৭ টকাকৈ বৃদ্ধি পাইছিল ৰাজসাহায্যবিহীন ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য। এই হিচাপত আগষ্টত ৬২ টকা হ্ৰাস পালেও তেতিয়াৰ পৰা আজিলৈকে প্ৰায় ১২৫ টকা বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

আজি পুনৰ দাম বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীত প্ৰতিটো ১৪.২ কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকে ক্ৰয় কৰিব লাগিব ৭৪৪.৫০ টকাকৈ। ৰাজধানী নতুন দিল্লীত এটা চিলিণ্ডাৰৰ বাবদ গ্ৰাহকসকলে পৰিশোধ কৰিব লাগিব ৭১৪ টকাকৈ।

আনহাতে, নৱবৰ্ষৰ পহিলা দিনটোত পেট্ৰ’ল-ডিজেলৰ দাম অপৰিৱৰ্তিত থকাত সকাহ লাভ কৰিছে দেশবাসীয়ে। ৩১ ডিচেম্বৰত পেট্ৰ’লৰ দাম ক্ৰমাগতভাৱে তৃতীয়টো দিনৰ বাবে বৃদ্ধি পাইছিল। বিপৰীতে ডিজেলৰ দাম ক্ৰমাগতভাৱে ষষ্ঠ দিনৰ বাবে বাঢ়িছিল। কিন্তু তেল বিপণন প্ৰতিষ্ঠানসমূহে ১ জানুৱাৰীৰ দিনটোত পেট্ৰ’ল-ডিজেলৰ দাম অপৰিৱৰ্তিত ৰাখে।