গুৱাহাটীঃ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। যোৱা মঙলবাৰে দুজনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ পিছত বৃহস্পতিবাৰে একেদিনাই ৮ জনকৈ লোকৰ দেহত ধৰা পৰে কৰ’না পজিটিভ। ইয়াৰে ৪ জন হৈছে গুৱাহাটী মহানগৰীৰ।

গুৱাহাটী মহানগৰীত পজিটিভ ধৰা পৰা ৪ জনৰ এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হোৱাত এতিয়া ভিতৰি ভিতৰি শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। চিকিৎসকগৰাকী সংক্ৰমিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ জিএমচিএইছতে গ্ৰহণ কৰা হৈছে পূৰ্বতকৈয়ো অধিক সতৰ্কতামূলক ব্যৱস্থা।

ইফালে, গুৱহাটীত আক্ৰান্ত ৪জনৰ এজনৰ মৃত্যু হোৱা বুলিও বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত জানিবলৈ NNOৰ সাংবাদিকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দুগৰাকীকৈ বিষয়াৰ সৈতে যোগাযোগ কৰে যদিও তেওঁলোকে সবিশেষ এতিয়াই জনাবলৈ অস্বীকাৰ কৰে। যদিহে মৃত্যু হৈছে তেন্তে বিভাগৰ তৰফৰ পৰা আৰু স্বাস্থ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে জনাব বুলিও কয় বিষয়া দুগৰাকীয়ে।

চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মৃত্যু হোৱা-নোহোৱাক লৈ বাতৰি যুগুতোৱা পৰ্যন্ত কোনোধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই ৪ জনকৈ গুৱাহাটীৰ লোক আক্ৰান্ত হোৱা বুলি স্বাস্থ্য মন্ত্ৰীয়ে জনোৱাৰ পিছতে একেলেথাৰিয়ে কেবাটাও গুৰুত্বপূৰ্ণ টুইট কৰা দেখা গৈছে।

এটা টুইটত তেওঁ কৈছে যে পজিটিভ ধৰা পৰা এগৰাকীৰ মৃত্যুৰ পিছতহে সেয়া পোহৰলৈ আহিছে। নিশা ১১ বাজি ১১ মিনিটত কৰা টুইটটোত সাংবাদিক ভূঞাই কৈছে, 'এগৰাকী ৰোগীৰ কালিয়েই মৃত্যু ঘটিছে। সন্দেহ হোৱাত টেষ্ট কৰা হয় আৰু আজি পজিটিভ ধৰা পৰে। তেওঁৰ পৰিয়ালৰ লোকসকলৰ দেহতো উপসৰ্গই দেখা দিছে আৰু কোৱাৰেণ্টাইন কৰা হৈছে।’ 

আন এটা টুইটত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কৈছে যে চিকিৎসক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে গভীৰ চিন্তাত পৰিছে ৰাজ্য চৰকাৰ। টুইটটোত তেওঁ লিখিছে, 'এগৰাকী ৰোগী জিএমচিএইছৰ চিকিৎসক। প্ৰথমবাৰৰ বাবে চিকিৎসক কৰ’নাত আক্ৰান্ত হোৱাত চৰকাৰ শংকিত হৈ পৰিছে।’

আনহাতে, 'নিউজ লাইভ' নামৰ ছেটেলাইট চেনেলটোত মৃত্যু হোৱা ৰোগীগৰাকী ১৬ বছৰীয়া কিশোৰী বুলি দাবী কৰিছে। চেনেলটোৱে স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সূত্ৰৰ উধৃতিৰে কৈছে যে মৃত্যু হোৱা ৰোগীগৰাকী জ্বৰত আক্ৰান্ত হৈছিল। অৱশ্যে এই সম্পৰ্কে স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰীয়ে এতিয়ালৈ কোনো কথা ৰাজহুৱা কৰা নাই। কৰ'নাত মৃত্যু হোৱাৰ সংখ্যা এজনৰ পৰা দুজনলৈ বৃদ্ধি পোৱাৰ কথাটোও নিশা ১২ বজালৈ চৰকাৰে আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।

এনেদৰে, কেবাটাও টিভি চেনেলত গুৱাহাটীৰ ৪ জন ৰোগীক লৈ নিশা ১২ বজালৈ একাধিক বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে। উক্ত বাতৰিসমূহৰ সত্যাসত্য সম্পৰ্কে জানিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হৈছে NNOৰ সাংবাদিক।

তথ্য সম্পৰ্কে জানিবলৈ চেষ্টা কৰাৰ সময়ত স্বাস্থ্য বিভাগৰ লোকসকলে গা এৰা দিয়া আৰু দায়সৰা মন্তব্য দিয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া কোনটো সত্য, কোনটো অসত্য সেয়া নিৰ্ণয় কৰাতো কঠিন হৈ পৰিছে। বিশেষকৈ পূৰ্বৰ নিজামুদ্দিনৰ সৈতে জড়িত ঘটনাসমূহৰ সবিশেষ জনোৱাৰ দৰেকৈ আজি স্বাস্থ্যমন্ত্ৰীয়ে টুইটত নাম-ধাম একো উল্লেখ নকৰাত সকলো বিভ্ৰান্ত হ’বলগীয়াত পৰিছে।